
গুৱাহাটী প্ৰেছ ক্লাবত,গীতিকাৰ অনিল কলিতাৰ নিৰ্বাচিত গীতৰ সংকলন “আৰু নুসুধিবা মোক” উন্মোচন
আজিৰ খবৰ, গুৱাহাটী , ২২ ছেপ্টেম্বৰ, ২০২২ : বিশিষ্ট গীতিকাৰ , ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া , দক্ষিণ কামৰূপৰ পলাশবাৰী নিবাসী অনিল কলিতাৰ নিৰ্বাচিত গীতৰ সংকলন ” আৰু নুসুধিবা মোক” আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় । সংকলনখন উন্মোচন কৰে ক্ৰমে বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা,সুৰকাৰ গায়ক জে পি দাস,প্ৰসিদ্ধ কন্ঠশিল্পী পুলক বেনৰ্জী ,প্ৰসিদ্ধ কন্ঠশিল্পী ড.অণিমা চৌধুৰী আৰু অনুপম চৌধুৰীয়ে ।
বন্তি প্ৰজ্জলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত মৰমী দেৱীয়ে “আৰু নুসুধিবা মোক” শীৰ্ষক গীতটি পৰিবেশন কৰে। উল্লেখযোগ্য যে গীতটো ১৯৮৭ চনতেই প্ৰয়াত কণ্ঠশিল্পী মিতালী চৌধুৰীৰ কণ্ঠত পৰিবেশিত কৰা হৈছিল । অনুষ্ঠানত চমু ভাষণ প্ৰসংগত কীৰ্তি কমল ভূঞাই ,নৱকান্ত বৰুৱা,তফজ্জুল আলী,কেশৱ মহন্ত,নিৰ্মল প্ৰভা বৰদলৈ প্ৰভৃতি অসমীয়া গীতৰ কাণ্ডাৰী সকলৰ পথতেই অনিল কলিতাই গীত ৰচনা কৰা বুলি সদৰি কৰি কলিতাৰ শুদ্ধ বানান আৰু ভাষাৰ উচ্চ প্ৰশংসা কৰাৰ লগতে ভূঞাই কলিতাক গীতৰ এই ধাৰাটো বজাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত জে পি দাস,

পুলক বেনাৰ্জী ,অনুপম চৌধুৰী আৰু অনিমা চৌধুৰীয়েও ভাষণত অনিল কলিতাৰ গীতৰ বিভিন্ন ভাবৰ, বিভিন্ন অনুভূতিৰ অতি উচ্চ মানৰ গীতিকাৰ বুলি আখ্যা দিয়াৰ লগতে
উচ্চ মান বিশিষ্ট গীতিকাৰ তথা সহজতে সুৰ কৰিব পৰা ধৰণৰ ছন্দময় গীত লিখাত কলিতা সিদ্ধহস্ত বুলি উল্লেখ কৰে। আনহাতে অনুষ্ঠানত অনিল কলিতাই সংকলনখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি কবিতা আৰু গীতৰ পাৰ্থক্য সম্বন্ধে বক্তব্য ৰাখে ।
আকাশবাণী গুৱাহাটীৰ ঘোষক মিতালী বৰবৰাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত কল্পনা দাস, কিশোৰ কুমাৰ জৈনকে ধৰি কেবাগৰাকী গীতিকাৰ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে অনুষ্ঠানত জে পি দাসৰ আহ্বান মৰ্মে প্ৰয়াত কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিনৰ লগত সংগতি ৰাখি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ।