Your Voice, Our Strength

এন আৰ এলত সতৰ্কতা সজাগতা সপ্তাহ উদযাপন

আজিৰ খবৰ,৩১ অক্টোবৰ 2022: নুমলীগড় ৰিফাইনেৰী লিমিটেডত (এন আৰ এল) কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুসৰি ” উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত ” শীর্ষক বিষয়বস্তুৰে সতৰ্কতা সজাগতা ২০২২ সপ্তাহ পালন কৰা হয় ।
এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে এন আৰ এলৰ কৰ্মচাৰী সকলক অখণ্ডতাৰ শপতবাক্য পাঠ কৰোৱাই সপ্তাহটো শুভ উদ্বোধন কৰে । তেওঁ দুৰ্নীতিৰ কু-প্ৰভাৱৰ কয় আৰু প্ৰতিৰোধমূলক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত সামূহিক অংশগ্ৰহণৰ বিষয়ে পুনৰ নিশ্চিত কৰে । শোধনাগাৰৰ চি আই এছ এফ কৰ্মচাৰীসকলকো। অখণ্ডতাৰ শপতবাক্য কৰোৱা হয় । এন আৰ এলৰ সতৰ্কতা বিভাগে তেওঁলোকৰ কৰ্মচাৰী আৰু ইয়াৰ অংশীদাৰসকলৰ বাবে সতৰ্কতা সজাগতা সপ্তাহৰ বিষয়বস্তুৰ বাবে নিৰ্দিষ্ট বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । নুমলীগড় শোধনাগাৰ আৰু শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেলৰ ওচৰৰ অঞ্চলৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰচাৰ কাৰ্যকলাপ আৰম্ভ কৰা হৈছে ।

You might also like