Your Voice, Our Strength

এন আৰ এলত সতৰ্কতা সজাগতা সপ্তাহ ২০২২ সফল সামৰণি

আজিৰ খবৰ,৭ নৱেম্বৰ, 2022: এন আৰ এলত এখন উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত ” শীর্ষক ৩১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰ ২০২২ লৈ আয়োজিত সতৰ্কতা সজাগতা ২০২২ সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী পালনৰ অন্তত আজি ৭ নৱেম্বৰত ইয়াৰ সফল সামৰণি পৰে ।
নুমলীগড়স্থিত এন আৰ এলৰ চৌহদত অনুষ্ঠিত সামৰণি অনুষ্ঠানত এ পি ডি চি এলৰ চেয়াৰমেন তথা অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই (আই এ এছ) মুখ্য অতিথি হিচাপে অধ্যক্ষতা কৰে । অনুষ্ঠানত এন আৰ এলৰ এম ডি বি জে ফুকন , সঞ্চালক *বিত্ত) ইন্দ্ৰনীল মিত্ৰ, আই আৰ এছ এম ইৰ মুখ্য সতৰ্কতা বিষয়া অমিত চৰনকে ধৰি সকলো কৰ্মচাৰী উপস্থিত থাকে ।
মুখ্য অতিথি জিষ্ণু বৰুৱাই জি ই এম (চৰকাৰী ই-মাৰ্কেটপ্লেচ ) পৰ্টেলত ক্ৰয়ৰ ক্ষেত্ৰত শীৰ্ষ তেল কোম্পানী হিচাবে মৰ্যদা লাভ কৰাকে ধৰি দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা আৰু পদ্ধতি গ্ৰহণ কৰাৰ বাবে এন আৰ এলক অভিনন্দন জনায় । তেওঁ কয় – নৈতিকতা সত্যনিষ্ঠা ,স্বচ্ছতা আৰু সততাক আঁকোৱালি লোৱাটো কঠিন ধাৰণা আৰু ই বহু পৰিমানে পৰিস্থিতি পাৰিবাৰিক পটভূমি আৰু বিভিন্ন নীতি নিয়মৰ ওপৰত নিৰ্ভৰ কৰে । আমাৰ দেশে বছৰি ১.৫ শতাংশ জিডিপি বৃদ্ধি কৰিব পাৰে । কিন্তু ইয়াৰ অখণ্ডতা সূচাংক স্কেণ্ডিনেভিয়া দেশসমূহৰ সৈতে তুলনাযোগ্য হয় । এই ৰাষ্ট্ৰসমূহ কম দুৰ্নীতিগ্ৰস্থ ।তেওঁ লগতে কয় সংস্থাৰ বৃদ্ধি পোৱাৰ লগে লগে ভিজিলেন্স শাস্তিমূলক ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি লোৱাৰ পৰিবৰ্তে মূল্যভিত্তিক হব লাগে । অনুষ্ঠানত চি ই অ অমিত চাৰণে ভাষণত কয়,জি ডি পিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম শীর্ষ দেশ হোৱাৰ পাছতো দুৰ্নীতিয়ে আমাৰ জাতিৰ উন্নয়নত এক বৃহৎ বাধাৰূপে থিয় দিছে । ভিচিলেঞ্চ বিভাগ হৈছে চিবিচিৰ বৰ্ধিত শাখা আৰু কোম্পানীটোৰ প্ৰতিজন কনিষ্ঠতম কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি এম ডি লৈকে তেওঁলোকৰ আচৰণত ন্যায়পৰায়ণতা, স্বচ্ছতা আৰু সততা নিশ্চিত কৰাটো পবিত্ৰ কৰ্তব্য । এম ডি বিজু ফুকনে সম্বোধনত কয় ভিজিলেন্স এক নিৰন্তৰ প্ৰক্ৰিয়া । ডি এফ আই মিত্ৰই ৰাজহুৱা আন্তঃপৃষ্ঠ আৰু প্ৰযুক্তভিত্তিক পদক্ষেপসমূহকে ধৰি এন আৰ এলে গ্ৰহণ কৰা ই গভনেন্স ব্যবস্থাৰ বিষয়ে অৱগত কৰায় । জি এম আৰু সতৰ্কতা বিভাগৰ মুৰব্বী প্ৰণিতা ডেকাই আদৰণি ভাষণৰ লগতে কুইজ ,ৰচনা, শ্লোগান,প্ৰতিযোগিতা আদি আৰু হুইছেল ব্লৱাৰ পলিচি( পি আই ডি পি আই ) বিশেষ উল্লেখেৰে প্ৰতিৰোধমুলক সতৰ্কতা আৰু ৰাজহুৱা ক্ৰয়ত সাধাৰণ অনিয়ম /লেপছ শীৰ্ষক বেবিনাৰ অনুষ্ঠিত কৰা হয় । আনহাতে জনসাধাৰণৰ বাবে অডিতৰিছ ক্ৰিয়াকলাপ আয়োজন কৰি গোলাঘাট ক্ৰীড়া সন্থাৰ সহযোগত গোলাঘাট নুমলীগড়ৰৰ মিঠাচপৰিৰ গাঁৱৰ গাঁও সভাৰ সহযোগত দুৰ্নীতিৰ কুপ্ৰভাবোৰ ওপৰত নাগৰিকক সংবেদিনশীল কৰি তোলা কাৰ্যসূচী এন আৰ এলৰ বিজনেজ এছচিয়েছিনৰ বাবে ভেণ্ডৰ মিত তথা গোলাঘাট জিলাৰ ৪০ খন বিদ্যালয়ৰ ৬০০ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণেৰে কুইজ,তৰ্ক, ৰচনা, শ্লোগানআৰু চিত্ৰাঙ্গন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । উল্লেখ্য যে এন আৰ এলৰ শিলিগুৰি টাৰ্মিনেলটো অনুৰূপ কাৰ্যসূচী anusthit কৰা হয় ।

P&C
You might also like