Your Voice, Our Strength

মন পখিলাৰ উদ্যোগত উদ্যমীতা শীৰ্ষক কৰ্মশালা সম্পন্ন

অজিৰ খবৰ,গুৱাহাটী ,১৫ নৱেম্বৰ : : ৰাজ্যৰ উদ্যমী উদ্যোগী মহিলা সকলক স্বাৱলম্বীতাৰ জৰিয়তে অধিক কর্মীমুখী আৰু উপাৰ্জনমুখী কৰা উদ্দেশ্যেৰে ব্যক্তিগত অনুষ্ঠানেৰে আৰাম্ভ হোৱা “মন পখিলা”ৰ উদ্যোগত আজি গোৱাহাটীস্থ বিষ্ণুনিৰ্মলা ভৱনত “উদ্যোমীতা”শীৰ্ষক বিশেষ কৰ্মশালা অনুষ্ঠিত হয় । সম্পূৰ্ণ অসমীয়া ভাষাত ব্যৱসায়িক জ্ঞান দিয়া এই কৰ্মশালাত DOER ৰ নবজিত কলিতাই ব্যৱসায়িক জ্ঞান আৰু ইয়াৰ বিভিন্ন সেৱাসমূহৰ বিষয়ে সাৱলীল বাখ্যা আগবঢ়োৱাৰ লগতে NEDFi বিষয়া আৰু NECTAR বিষয়া সিদ্ধাৰ্থ দাস চিফ ৰেডিঅ’ টেক্‌ন’ল’জিষ্ট, অৰ্থনৈতিক উপদেষ্টা ARIAS APART ৰ নিতিন সিং , ড° সুকমল দেৱ, ভাৰপ্ৰাপ্ত উপ মহানিৰ্দেশক -উত্তৰ পূৱ ভাৰত জ’ন, কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ বিভাগ, ক্ষুদ্ৰ মাধ্যম উদ্যমিতা বিভাগ -ভাৰত চৰকাৰৰ বিষয়াই অসমৰ উদ্যোগীলৈ তেওঁলোকৰ বিভাগসমূহে আগবঢ়োৱা সুবিধাসমূহৰ বিতংভাবে বুজাই দিয়ে কৰ্মশালা খনিত উপস্থিত আগ্ৰহী উদ্যমী সকলক। ইয়াৰ উপৰিও অসম চৰকাৰৰ উদ্যোগ আৰু ব্যৱসায় বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়াই কৰ্মশালাত উপস্থিত থাকিত বিভীন্ন ব্যৱসায়িক সম্প্ৰসাৰণ আৰু উন্নীতকৰনৰ বিষয়ে অসমৰ শতাধিক উদ্যমী মহিলাসকলক জ্ঞান দিয়ে ।এই কথা এক প্ৰেছ বিজ্ঞপতি যোগে জানিবলৈ দিয়ে মন পখিলাৰ পৰিচালনা তথা প্ৰতিষ্ঠাপক সঞ্চালিকা মালবিকা শইকীয়াই।

You might also like