Your Voice, Our Strength

উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলন, হাতীগাওঁ শাখাৰ উদ্যোগত কবি সন্মিলন

আজিৰ খবৰ, গুৱাহাটী,২০ নৱেম্বৰ,২০২২: শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ, লাষ্টগেটত উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ স্বীকৃতিপ্ৰাপ্ত কামৰূপ মহানগৰ সমিতিৰ অন্তৰ্গত, হাতীগাওঁ শাখা সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰ শুক্ৰবাৰে এখনি কবি সন্মিলন অনুষ্ঠিত হৈ হয়। কবি সন্মিলনৰ লগতে ভালেকেইজন গায়ক গায়িকাই গীত পৰিৱেশন কৰে। সন্মিলনৰ আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে শাখাৰ সদস্য সকলে।তাৰপিছত অতিথি সকলক মঞ্চলৈ আদৰনি জনায় শাখাৰ সদস্যা সকলে ।সন্মিলনখনত সভাপতিত্ব কৰে শাখাৰ সভাপতি দিব্যজ্যোতি লহকৰে।উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা জ্যোতি কলিতা ডেকাই। সন্মিলনত উপস্থিত থাকে উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ কেন্দ্রীয় কমিটিৰ সম্পাদক প্ৰধান হেমচন্দ্র বৰ্মন, কাৰ্যকৰী সভাপতি-ডঃবৈজয়ন্তী গোস্বামী, উপ সভাপতি ডাঃনজৰুল কাজী। অতিথি হিচাপে উপস্থিত থাকে বৈজ্ঞানিক ডঃ বীৰেন শৰ্মা, কবি-গীতিকাৰ, অভিনেতা পৰাগ দেৱ চৌধুৰী আৰু কবি, গীতিকাৰ ,গায়ক সুভাষ নাথ। সভাৰ আৰম্ভণিতে সম্পাদক প্ৰধান হেমচন্দ্র বৰ্মনে সন্মিলনৰ সাংগঠনিক দিশৰ ওপৰত বক্তৃতা দিয়ে। ডঃ বা জয়ন্তী গোস্বামীয়ে কবিতাৰ ওপৰত সুন্দৰভাৱে কয় আৰু এটি কবিতা পাঠ কৰে। ডাঃ নজৰুল কাজীয়ে কবি সন্মিলনখন সঞ্চালন কৰে, লগতে দুটি কবিতা পাঠ কৰে। বৈজ্ঞানিক বীৰেন শৰ্মাই কবিতাৰ ওপৰত সুন্দৰ বক্তৃতা প্ৰদানৰ সকলোকে আপ্লুত কৰে। গীতিকাৰ অভিনেতা পৰাগ দেৱ চৌধুৰীয়ে কবিতা বোৰ পৰ্যালোচনা কৰে। কবি গায়ক সুভাষ নাথে স্ব ৰচিত, গীত গায়।সদস্যা স্নেহা দেৱীয়ে জুবিনৰ জন্মদিন উপলক্ষে দুআষাৰ কয়।শিশু শিল্পী চৈয়দ নৱাফ কাজী আৰু নিহাৰিকা কলিতাই গীত গোৱাৰ লগতে ভালে কেইগৰাকী সদস্য/ সদস্যাই গীত গায়। সভাপতিৰ বক্তব্যৰ পিছত কামনা কলিতাই শলাগৰ শৰাই আগবঢ়ায়। জাতীয় সংগীত গায় সভা ভংগ কৰা হয়।

You might also like