
ৰঙা বাওধানৰ চাউল খাইছে নে ? মাজুলীৰ ৰঙা বাওধানৰ চাউলে বিশ্বৰ বজাৰত তুলিছে খলকনি
আজিৰ খবৰ,২১ নৱেম্বৰ, গুৱাহাটী ২০২২: বিশ্বৰ বজাৰত সমাদৰ মাজুলীৰ ৰঙা বাওধান।মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিদেশলৈ ৰপ্তানি বিশ কুইন্টল ৰঙা বাও চাউল। মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ লগে লগে ৰঙা বাওধানও হৈ পৰিছে এক ঐশ্বৰ্যশালী সম্পদ । বিদেশী ৰাষ্ট্ৰত শেহতীয়া ভাবে
বৃদ্ধি পাইছে মাজুলীৰ ৰঙা বাওধানৰ চাহিদা।
ABM Agri Indus – try & Research pvt. Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি ছিংগাপুৰ,চৌডি আৰব, কুৱেটকে ধৰি বহুকেইখন আৰবীয়ান দেশত বিক্ৰীৰ বাবে ইতিমধ্যে উদ্যোগ গ্ৰহণ কৰিছে। বিদেশেই নহয় দেশৰ ভিতৰতো মাজুলীৰ ৰঙা বাওধানৰ যথেষ্ট চাহিদা আছে।বিদেশী বৃহৎ কোম্পানীবোৰে যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰিহে মাজুলীৰ ৰঙা চাউলত গুৰুত্ব প্ৰদান কৰিছে। প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰন থকা, প্রকৃতি নিৰ্ভৰ আৰু কোনো ৰাসায়নিক,কীটনাশক বা বননাশক প্রয়োগ নকৰা বাবেই এই ৰঙা বাও চাউলৰ গুণাগুণ বৃদ্ধি পাইছে ।
বাওধানৰ কৃষি ভূমিত কোনোধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা বননাশক ব্যৱহাৰ নকৰাকৈ কৰা মাজুলীৰ ৰঙা বাওধান আজিৰ দিনত হৈ পৰিছে অমূল্য খাদ্য । বহু গুণ থকা এই বাওধান আন ধান বা চাউলৰ সোৱাদ সচাই অপূৰ্ব ,যাৰ বাবে মাজুলীৰ এই ৰঙা চাউলে বিদেশী ৰাষ্ট্ৰক আকৰ্ষিত কৰিছে ।