Your Voice, Our Strength

পূৰবী ডায়েৰীত কৰা ভয়ংকৰ হত্যাকাণ্ডৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে

 

 

 

P&C

আজিৰ খবৰ, গুৱাহাটী ২২ নৱেম্বৰ : মহানগৰীৰ পাঞ্জাবাৰীত সোমবাৰে কোনো দুৰ্বৃত্তই দিন দুপৰতে এজন লোকক গুলীয়াই হত্যা কৰা ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে । ভয়ংকৰ হত্যাকাণ্ডৰ তদন্তৰ মাজতে ক্লু লাভ কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে

হৈছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক।
সোমবাৰে দিনৰ প্ৰায় ১২ বজাৰ মানত বাইকত অহা দুৰ্বৃত্তই গাড়ীৰ ভিতৰতে গুলীয়াই থৈ গৈছিল পাঞ্জাৱৰীত থকা পূৰবী ডায়েৰীৰ ৰঞ্জিত বৰা নামৰ
বিতৰক গৰাকীক । লগে লগে হাস্পতাললৈ অনা হৈছিল যদিও পথতে মৃত্যুক আঁকোৱালি লৈছিল বৰাই । দুৰ্বৃত্তই লোকজনৰ পৰা নগদ ২.৫০ লাখ টকাৰ বেগ কাঢ়ি লৈ যায়।মঙলবাৰে ৰঞ্জিত বৰাৰ হত্যাৰ ঘটনাৰ সৈতে জড়িতৰ সন্দেহত দুজনক আৰক্ষীয়ে আটক কৰিছে। ঘটনা সংঘটিত হোৱা স্থানৰ পৰাই সোমবাৰে নিশা আটক কৰা হৈছে দুয়োজন যুৱকক।ঘটনা সন্দৰ্ভত ইতিমধ্যে বহু ক্লু লাভ কৰা হৈছে বুলি দাবী আৰক্ষীৰ।

You might also like