Your Voice, Our Strength

শতবর্ষ গৰকিলে তিতাবৰ অঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই :এটা মিউজিয়াম আৰু কৃষক প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰ শিলা স্থাপন কৃষি মন্ত্ৰী অতুল বৰা

আজিৰ খবৰ, গুৱাহাটী ২৬ নৱেম্বৰ২০২২: ,অসমৰ কৃষিক্ষেত্ৰ খনত নতুন নতুন ধানৰ প্ৰজাতি উদ্ভাৱনেৰে পৰিৱৰ্তনৰ সূচনা কৰা তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰে শতবৰ্ষত ভৰি দিছে। অসমৰ কৃষিক্ষেত্ৰ খনত প্ৰায় ১০০ প্ৰজাতি ধানৰ উদ্ভাৱনেৰে কৃষকলৈ ন ন সপোন কঢ়িয়াই অনাৰ লগতে অসমৰ কৃষি ক্ষেত্ৰখনলৈ তিতাবৰৰ এই ধান গৱেষণা কেন্দ্ৰই যথেষ্ট অৱদান আগবঢ়াই আহিছে বুলি কৃষি মন্ত্ৰী অতুল বৰাই মন্তব্য আগবঢ়ায় । তেওঁ কয়, এই ক্ষেত্ৰত কৃষি বিজ্ঞানী সকলৰো বহুখিনি অৱদান আছে । তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত আয়োজন কৰা হৈছে শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান । উল্লেখ্য যে ১৯২৩ চনৰ ২৬ নৱেম্বৰত পৰাধীন ভাৰতবৰ্ষত প্ৰায় এশ একৰ ভূমি সামৰি ঐতিহাসিক বছা পথাৰত স্থাপন কৰা কেন্দ্ৰটোৱে শতবৰ্ষত ভৰি দিয়াৰ প্ৰাকমূৰ্হুত্তত বিস্তৃত কাৰ্যসূচীৰে শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিছে। অসম কৃষি বিশ্ববিদ্যালয় আৰু আঞ্চলিক কৃষি গৱেষণাগাৰৰ যুটীয়া উদ্যোগত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানৰ বৰ্ণিল যাত্ৰাত তিতাবৰৰ ৰাজপথত বিশাল সাংস্কৃতিক পদযাত্ৰাৰ আয়োজন কৰে। এই অনুষ্ঠানত বিশ্ব বিদ্যালয়, মহাবিদ্যালয় তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক ৰাইজ তথা কৃষিবিজ্ঞানী সকলৰ অংশ গ্ৰহণেৰে প্ৰায় সহস্ৰাধিক লোকৰ সমাৱেশেৰে সমগ্ৰ তিতাবৰত এটা নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। এই অনুষ্ঠানত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত হৈ কৃষি বিভাগত এটা মিউজিয়াম আৰু কৃষক প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰ শিলা স্থাপন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে। তিতাবৰৰ বিধায়ক,যোৰহাট জিলাৰ উপায়ুক্ত লগতে কৃষি বিভাগৰ উপাচাৰ্য আৰু কেইবাগৰাকী কৃষি বিজ্ঞানী,গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

 

You might also like