Your Voice, Our Strength

ভাৰতত নতুন ছুপাৰক্ৰছ ৰেচিং লীগ পৰিচালনা আৰু সম্প্ৰসাৰণ কৰিব ছুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে

 

আজিৰ খবৰ ,গুৱাহাটী, ২৬ নৱেম্বৰ, ২০২২: ছুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, (এছএক্সআই) যি ফেডাৰেচন অৱ মটৰ স্পৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া (এফএমএছচিআই) এক সমৰ্থিত সংস্থা, প্ৰথমখন ছুপাৰক্ৰছ ৰেচিং লীগ আৰম্ভ কৰাৰ একচেটিয়া বাণিজ্যিক অধিকাৰৰ বুজাবুজি চুক্তি পএ প্রদান কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে৷ এই প্ৰথমখন ছুপাৰক্ৰছ ৰেচিং লীগক ভাৰতীয় চুপাৰক্ৰছ ৰেচিং লীগ হিচাপে শিৰোনাম দিয়া হ’ব। ফেডাৰেচন অৱ মটৰ স্পৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া (এফএমএছচিআই) ভাৰতৰ মটৰস্পৰ্টছৰ নিয়ন্ত্রণকাৰী সংস্থা ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ।
২০২২ চনৰ ২৪ নৱেম্বৰত পুনেত অনুষ্ঠিত এক অনুষ্ঠানত এফএমএছচিআইৰ উপ-সভাপতি গৌতম শান্তপ্পা আৰু ছুপাৰক্ৰছ ৰেচিং কমিছনৰ অধ্যক্ষ সুজিত কুমাৰে লীগৰ প্ৰমোটাৰসকলক বুজাবুজি চুক্তি পএ অৰ্পণ কৰে।
ছুপাৰক্ৰছ (SX) হৈছে মটৰ চাইকেল ৰেচিং খেল, য’ত বিশেষ উচ্চ দক্ষতা সম্পন্ন অফ-ৰোড মটৰ চাইকেল খেল যেনে থিয় জাপ আৰু মাটিৰ ময়লা ট্ৰেকত বাধা অতিক্রম আদি জড়িত হৈ থাকে। আমেৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াত এই খেলবিধ অতিকৈ জনপ্ৰিয় আৰু ই যুৱক-প্ৰজন্মক অতি সহজাতভাৱে আকৰ্ষণ কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ আনুমানিক গ্ল’বেল মটৰস্প’ৰ্টছৰ বজাৰখন ৫ বিলিয়ন মাৰ্কিন ডলাৰ আৰু বিশ্বজুৰি ই৬% CAGR বৃদ্ধিৰ আশাৰে ৭.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পোৱাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ভাৰতত খেল হিচাপে ছুপাৰক্ৰছে যুৱ, টেক চেভি জনগাঁথনিৰ মাজত বৃহৎ দৰ্শকক আকৰ্ষণ কৰিব। যুৱ জনসংখ্যা, বৃদ্ধি পোৱা আয় আৰু দুঃসাহসিক ক্ৰীড়াৰ প্রতি আকর্ষণ আদিৰ বাবে এই বজাৰখন দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই ক্ৰীড়াৰ বাবে সাজু হৈছে। নতুন আৰু উচ্চাকাংক্ষী ভাৰতীয়গৰাকীয়ে দুঃসাহসিক কৰ্মৰ ৰোমাঞ্চ আৰু ক্ৰীড়াৰ উত্তেজনা ভাল পায়, ছুপাৰক্ৰছে ভাৰতীয়সকলক দুয়োটাৰে নিখুঁত মিশ্ৰণ প্ৰদান কৰিব। এই উপলক্ষে ভাষণ দি ভাৰতীয় মটৰ স্প’ৰ্টছ ক্লাব ফেডাৰেচনৰ উপ-সভাপতি গৌতম শান্তপ্পাই কয় যে“ফেডাৰেচনে এছএক্সআই দলটোক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু দৃঢ় বিশ্বাস যে তেওঁলোকে এই ক্ৰীড়াক আগুৱাই নিব আৰু ইয়াক নতুন স্তৰলৈ উন্নীত কৰিব . উপ-সভাপতি হিচাপে মই নিশ্চিত যে এছএক্সআই আৰু এফএমএছচিআইয়ে এটা দল হিচাপে কাম কৰিব আৰু লীগখনক বিপুল সফল কৰি তুলিব।”
ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাবছ অৱ ইণ্ডিয়াৰ (এফএমএছচিআই) ছুপাৰক্ৰছ/মট’ক্ৰছ/২ডব্লিউ ৰেচিং কমিছনৰ অধ্যক্ষ সুজিত কুমাৰ ডাঙৰীয়াই কয় যে“মই বিশ্বাস কৰোঁ যে কনিষ্ঠ আয়োজকসকলে এই ক্ৰীড়ালৈ অহাৰ লগে লগে ভৱিষ্যত উজ্জ্বল দেখা গৈছে। মই কব বিচাৰিছো যে এক্স-ৰেচাৰসকলে বিভিন্ন ভূমিকাত খেলখনলৈ ঘূৰি অহাটো দেখিবলৈ পাই বৰ সুখৰ কথা৷ ফেডাৰেচনে এছএক্সআই দলটোক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু দৃঢ় বিশ্বাস যে তেওঁলোকে এই খেলবিধক আগুৱাই নিব আৰু ইয়াক নতুন স্তৰলৈ উন্নীত কৰিব। মই গৌৰৱেৰে কব পাৰো যে ভাৰতত আমাৰ হাতত বিশ্বৰ ভিতৰতে প্ৰথম ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ লীগ আছে।

P&C
You might also like