Your Voice, Our Strength

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰীৰ নুমলীগড় ৰিফাইনাৰী পৰিদৰ্শন

আজিৰ খবৰ, গুৱাহাটী,২৯নৱেম্বৰ২০২২: ভাৰত চৰকাৰৰ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুয়ে নুমলীগড় ৰিফাইনাৰী পৰিদৰ্শন কৰি ইয়াৰ চলি থকা মেগা ৰিফাইনাৰী সম্প্ৰসাৰণ প্ৰকল্পকে ধৰি চলি থকা বিভিন্ন কাৰ্যকলাপৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক এন আৰ এলৰ এম ডিভাস্কৰজ্যোতি ফুকনে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষত আদৰণি জনায় । মন্ত্ৰী গৰাকীয়ে এন আৰ এলৰ বিষয়া সকলৰ সৈতে মতবিনিময় কৰাৰ পাছতে মন্ত্ৰী গৰাকীক শোধনাগাৰ পৰিচালনা প্ৰক্ৰিয়া ,ইন্টাৰলক আৰু এলমাৰ বিষয়ে অৱগত কৰা হয় আৰু মমৰ পেকেজিং প্ৰক্ৰিয়াৰ আভাষ দাঙি ধৰা হয় লগতে শোধানাগাৰ গাতে লাগি থকা অসম বায়’ৰিফাইনাৰী প্ৰকল্প পৰিদৰ্শন কৰে । এই প্ৰকল্পটো এনে ধৰণৰ প্ৰথমটো ২জি বায়’ৰিফাইনাৰীৰূপে পৰিগণিত হ’ব ।ইয়াৰ পূৰ্বে নুমলীগড় ৰিফাইনাৰী টাউনশ্বিপটো অইলৰ চি এম ডি ডঃ আৰ ৰাথে উষ্ম আদৰণি জনায় । ২৮ নৱেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি অশোক ভট্টৰায়,সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু অইল আৰু এন আৰ এলৰ জ্যেষ্ঠ বিষয়া সকলৰ উপস্থিতিত অন্য পৰিকল্পনাৰ লগতে এন আৰ এল আৰু অইলৰ কাম কাজৰ লগতে ভবিষ্যতৰ পৰিকল্পনাৰ ওপৰত পৰ্য্যালোচনা কৰে ।

 

You might also like