Your Voice, Our Strength

সদৌ সাঁচি খেতিয়ক সন্থা, অসম আৰু আপট্ৰালেকৰ সৈতে নেইষ্টৰ এক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি

B

যোৰহাট,৩০ নৱেম্বৰ ২০২২: সদৌ সাঁচী (আগৰ) উৎপাদক সংস্থা, অসম (আচগা) আৰু অসম আগৰউড প্ৰচেছিং প্ৰশিক্ষণ গৱেষণা আৰু আইনী সহায়ক কেন্দ্ৰই ( আপট্ৰালেক) যোৰহাটস্থিত নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজীৰ ( নেইষ্টৰ ) সৈতে এক ত্ৰিপাক্ষিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । নেইষ্টৰ সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত সঞ্চালক ডঃ জি.নাৰাহাৰী শস্ত্ৰী আৰু আচগাৰ সভাপতি বিকাশ বৰা, চন্দন কলিতাই সোমনাথ ঘোষ (আপট্ৰালেকৰ বিশেষজ্ঞ) টেকনো কমাৰ্চিয়েলৰ হৈ এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। অনুষ্ঠানত উপস্থিত থাকে পালমপুৰৰ হিমালয়ান জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডাঃ সঞ্জয় কুমাৰ , নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজীৰ জ্যেষ্ঠ বিজ্ঞানী ড০ যতীন কলিতা আৰু আচগাৰ কাৰ্যবাহী সভাপতি ৰাজিব শইকীয়া,আচগাৰ মুখ্য সম্পাদক মহেন্দ্ৰ শইকীয়া আৰু প্ৰচাৰ সচিব চন্দন কলিতা।
উল্লেখ্য যে অসমৰ সাঁচি গছৰ অগৰু বিশ্বৰ সকলো দেশৰ অগৰুৰ তুলনাত অতি উচ্চমানৰ । এই খেতি আৰু উদ্যোগটোৰ লগত জড়িত কৃষক সকল উপকৃত হ’ব পৰাকৈ আৰু উন্নত প্ৰযুক্তিৰ প্ৰশিক্ষণৰ লগতে য’ত প্ৰাকৃতিক ভাবে পোকে নোখোৱা অগৰু উদ্ভিদক কৃত্ৰিম ভেঁকুৰ সৃষ্টি কৰি কি দৰে মূল্যবান কৰি তুলিব পাৰি তাৰ ওপৰতো বিস্তৃত ভাৱে আলোচনা কৰে । এই ক্ষেত্ৰত যোৰহাটৰ নেইষ্টেও আচগাক সহায় কৰি যাব বুলি আশ্বাস দিয়ে নেইষ্টৰ সঞ্চালক ডঃ জি.নাৰাহাৰী শস্ত্ৰীয়ে । নিৰৱচ্ছিন্নভাবে অগৰু ( সাঁচি)ক লৈ বিভিন্ন গৱেষণা কৰি অহা নেইষ্টৰ জ্যেষ্ঠ বিজ্ঞানী ড০ যতীন কলিতাক আচগা আৰু আপট্ৰালেকে বিশেষভাবে ধন্যবাদ জনোৱাৰ লগতে
নেইষ্টৰ সঞ্চালক ডঃ জি.নাৰাহাৰী শস্ত্ৰীকো অভিনন্দন আৰু কৃতজ্ঞতা জনায় সন্থাৰ বিষয় ববীয়াসকলে ।

 

 

P&C
You might also like