Your Voice, Our Strength

২০২২ বৰ্ষৰ বাবে ২৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন প্ৰদান

আজিৰ খবৰ,গুৱাহাটী ৭ ডিচেম্বৰ, ২০২২ :- বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞি দেৱৰ ৯১ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শঙ্কৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা ৰাজ্যখনৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা ২৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উক্ত বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত যশস্বী সাহিত্যিক গৰাকীৰ অৱদানক সোঁৱৰণ কৰি উল্লেখ কৰে যে গ্ৰন্থ বা কিতাপ নপঢ়িলে এজন ভাল লেখক হোৱাটো কঠিণ। কাৰণ যিমানেই আমি কিতাপ পঢ়িম সিমানেই আমাৰ জ্ঞানৰ পৰিশৰ বৃদ্ধি হ’ব। তেওঁ লগতে কয় যে আমি বৰ্তমান সময়ত সাহিত্যৰ প্ৰসাৰৰ বাবে কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিব লাগিব। বিশেষকৈ নৱপ্ৰজন্মক আমি কিতাপ পঢ়াৰ বাবে উৎসাহিত কৰিব লাগিব। তেওঁ লগতে উল্লেখ কৰে যে আমি উপলব্ধিৰ বাবে ভ্ৰমণ কৰিব লাগে, কাৰণ ভ্ৰমণ কৰিলে বিভিন্ন স্থানৰ লগতে বিভিন্ন লোকৰ লগত মুখামুখি হোৱা যায়। যাৰ দ্বাৰা বিশেষকৈ লেখক সকলে তেওঁলোকৰ সাহিত্যৰ লিখনিৰ বাবে তথ্য সংগ্ৰহ কৰিব পাৰিব। তেওঁ সকলো জনগোষ্ঠীয় সাহিত্য সভালৈ আমাৰ বিভিন্ন কঠিত ভাষাত সাহিত্য চৰ্চা আৰম্ভ কৰিবলৈ উল্লেখ কৰে। ইয়াৰ উপৰিওঁ মন্ত্ৰী গৰাকীয়ে কয় যে আমি বিশ্ব সাহিত্য সৃষ্টি কৰিব লাগিলে বিশ্ব সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিব লাগিব।
উল্লেখযোগ্য যে আজি সাহিত্যিক পেঞ্চন লাভ কৰা সাহিত্যক সকল হ’ল ক্ৰমে- তৰুণ বৰ্মন, আনন্দ ৰাম ৱাৰি, অশোক কুমাৰ বাৰ্মা, ৰতিশ দাস, শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ৰত্নেশ্বৰ নাৰ্জাৰী, মনোমতী কুৰ্মী, পৱন কুমাৰ বৰুৱা, শ্ৰুতি কুমাৰ সিং, ড০ বসন্ত কুমাৰ শৰ্মা, ড০ বিদ্যেশ্বৰ দলে, ড০ ভাৰতী দত্ত, প্ৰকাশ চন্দ্ৰ ৰাভা, নিজৰা বৰঠাকুৰ, দেৱ প্ৰসাদ তালুকদাৰ, ড০ জয়ন্ত কুমাৰ গোস্বামী, ড০ মলয়া খাউণ্ড, ধীৰেন্দ্ৰ তালুকদাৰ, বিপুল চন্দ্ৰ ভট্টাচাৰ্য্য, শিশিৰ সেনগুপ্তা, পৰী ৰংপী, ৰফিকুল হুছেইন, অচ্যুতানন্দ দেৱ গোস্বামী। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণত বিশিষ্ট লেখক শ্ৰীফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উল্লেখ কৰে যে এই সাহিত্যিক পেঞ্চনৰ দ্বাৰা সাহিত্যিক সকলক তেওঁলোকৰ সাহিত্য সৃষ্টিৰ বাবে এক সন্মান আৰু স্বীকৃতি প্ৰদাণ কৰা হৈছে। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সঞ্চালক ধৰ্মকান্ত মিলি, প্ৰয়াত হোমেন বৰগোহাঞি দেৱৰ পুত্ৰ প্ৰদিপ্ত বৰগোহাঞি, বৰ্ষিয়ান সাংবাদিক ধিৰেন্দ্ৰ নাথ চক্ৰবৰ্তী প্ৰমুখ্যে বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

 

P&C
You might also like