Your Voice, Our Strength

উত্তৰপূৰ্বাঞ্চলৰ বাবে ভাল খবৰ: উচ্চ শিক্ষা গ্রহণৰ ক্ষেত্রত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT,দিল্লী- NCR.

 

আজিৰ খবৰ, গুৱাহাটী, ২২ ডিচেম্বৰ, ২০২২: GNIOT, দিল্লী- NCR শিক্ষাখণ্ডত ইনস্টিটিউট অৱ মেনেজমেন্ট, ইন্জিনিয়াৰিং আৰু টেকনলজিৰ এক পৰিচিত নাম, যিয়ে শিক্ষায়তনিক পৰিসেৱা আৰু নিয়োগৰ ক্ষেত্রত অধিক গুৰুত্ব আৰোপ কৰিবৰ বাবে এক সংবাদমেলৰ আয়োজন কৰিছে।
সম্প্রতি শিক্ষা প্রতিষ্ঠানটোত অধ্যয়নৰত শিক্ষাৰ্থীসকলে যাতে তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ বিষয়ে আদ্যোপান্ত বক্তব্য ৰাখিব পাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি আজি প্ৰতিষ্ঠানটোৱে এখন বিশেষ সংবাদমেলৰ আয়োজন কৰিছে।মেধাবী শিক্ষার্থীসকলৰ আৰ্থিক অনাটনৰ দিশটোৰ সমাধানৰ অৰ্থে শৈক্ষিক প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষত ১২ কোটি টকাৰ শিক্ষাবৃত্তিৰ বিশেষ ঘোষণা কৰিছিল। তাৰ সুবাদতেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৭৭ গৰাকীতকৈয়ো অধিক শিক্ষার্থীয়ে নামভৰ্তি কৰিছিল এইখিনিতে অৱগত কৰিবলৈ বিচাৰো যে নিম্নলিখিত বিষয়বোৰৰ অধ্যয়নৰ বাবে প্ৰতিষ্ঠানটোৱে সেৱা আগবঢ়োৱা হয়:- PGDM, MBA, MCA, B. Tech, M. Tech, BBA, BCA, B. Com,B.Com(Hon’s), B. Sc(Computer Science) আৰু B. Sc(Nursing).
প্ৰনিধানযোগ্য যে B. Tech বিষয়ত নামভৰ্তিৰ বাবে শিক্ষা শিক্ষার্থীসকলৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ আৰু JEE-Mains আনহাতে PGDM আৰু MBA বিষয়ত নামভৰ্তিৰ বাবে স্নাতক পৰীক্ষাৰ নম্বৰ তালিকাৰ লগতে CAT, MAT, JAT, GAT ইত্যাদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাবোৰৰ নম্বৰৰ ওপৰত ভিত্তি কৰা হয়। লক্ষনীয় এই যে শৈক্ষিক প্ৰতিষ্ঠানটোৱে PGDM শিক্ষা বিষয়টো তেওঁলোকৰ শীর্ষ বিষয় হিচাপে গণ্য কৰে। উদ্যোগিক পৰিভাষাত PGDM নামটোৱেই নিজৰ পৰিচিতি।উদ্যোগীকৰনৰ দিশটোৰ লগত সংগতি ৰাখি নামাকৰণো PGDM ৪.০ কৰা হৈছে। ইয়াত দহটাতকৈয়ো অধিক কৌশলী শৈলী প্ৰমাণীকৰণ, উন্নত মানদণ্ডৰ শৈক্ষিক বিষয়, চাণক্য টক চিৰিজ, প্ৰবোধন টক চিৰিজ, সামৰিক লিডাৰশ্বিপ টকচ ইত্যাদি বিষয় সন্নিবিষ্ট হৈছে।বৰ্তমান সময়ৰ প্ৰয়োজন অনুযায়ী এই বিষয়বোৰে নৱ প্ৰজন্মক এগৰাকী সফল উদ্যোগী হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিষ্ঠানটোৰ সৈতে সংপৃক্ত অটল ইনকোৱেচন চেন্টাৰ,বিমটেকৰ লগত জড়িত হৈ ভাৰত চৰকাৰৰ নীতি আয়োগৰ পৰাও স্বীকৃতি পাব পাৰে। এই শৈক্ষিক প্ৰতিষ্ঠানটো ইণ্ডোনেছিয়াৰ AIBPM নামৰ প্ৰতিষ্ঠানটোৰ সৈতে সংঘবদ্ধহৈ আছে, যাতে বিশ্বায়নৰ যোগেদি অধ্যয়নৰত শিক্ষার্থী পৰিচালক সকলক গোলকীকৰণৰ সমস্ত শৈলীৰে শিক্ষা প্ৰদান কৰিব পাৰে।ইণ্ডোনেছিয়াৰ “নোচান্ট প্ৰজেক্ট” নামে প্ৰতিষ্ঠানটোৱে শিক্ষার্থীসকললৈ বিশ্বৰ বিভিন্ন দেশৰ নানা চহৰৰ ছাত্র-ছাত্ৰীৰ লগত ভিন্ন সংস্কৃতিৰ সৈতে সুপৰিচিত হ’বলৈ সুবিধা প্রদান কৰে। চলিত বৰ্ষৰ প্ৰাৰম্ভণীতে লণ্ডনৰ Higher Learning Accreditation Consultant and Training চমুকৈ HLACT এ এই শৈক্ষিক প্ৰতিষ্ঠানটোলৈ উন্নত মানদণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে সদস্য পদৰ স্বীকৃতি প্রদান কৰিছে।উত্তৰ ভাৰতবৰ্ষৰ পৰা উক্ত প্ৰতিষ্ঠানটোৰ পৰা স্বীকৃতি লাভ কৰা এইটোৱেই প্ৰথমটো শৈক্ষিক প্ৰতিষ্ঠান।উল্লেখ্য যে এই স্বীকৃতিপত্রৰ জৰিয়তে আমাৰ প্ৰতিষ্ঠানটোৱে অনাগত সময়ত বিশ্বৰ যিকোনো বিদেশী উদ্যোক্তাৰ সৈতে সংযোগ স্থাপন কৰি বিশ্বায়নৰ গোলকীয়তাৰে খোজ পেলাব পাৰিব।
শেহতীয়াকৈ আমাৰ শৈক্ষিক প্ৰতিষ্ঠানটো MOU ৰ লগতে ইউনাইটেড স্টেট আৰু লুচিয়ানা স্টেট ইউনিভাৰ্চিটিৰ লগতো সহমতৰ এখন বিশেষ পত্রত স্বাক্ষৰ কৰিছে, সেই আপাহতে উক্ত সহমতৰ স্বাক্ষৰে আমাৰ প্ৰতিষ্ঠানটোক তলত উল্লেখিত সুবিধাসমূহ প্রদান কৰিব। সেয়া হ’ল:-
১) আমাৰ শিক্ষার্থীসকললৈ আন্তর্জাতিকভাবে কাম কৰাৰ অনুমতি প্রদান।
২) যৌথ গৱেষণা প্রকল্পৰ সুযোগ।
৩)আমাৰ শিক্ষার্থীসকললৈ ইউনাইটেড স্টেট ইউনিভাৰ্চিটিত অধ্যয়নৰ সুযোগ।
৪) অধ্যাপকসকলক বিদেশৰ বিশ্ববিদ্যালয়ত অধ্যাপনাৰ সুযোগ প্ৰদান।
৫) সক্রিয়তাৰে বিশ্বমানসম্পন্ন স্থিতিৰ মূল্যায়নৰ অধ্যয়নৰ সুযোগ।
৬) ধনৰ আদান-প্রদানৰ সুবিধা প্ৰদান।
GNIOT শৈক্ষিক প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰধান ড০ সঞ্জীৱ চতুৰ্বেদীয়ে মতপ্রকাশ কৰে যে,”প্ৰতিস্থাকালৰ পিছৰে পৰাই শিক্ষাৰ জৰিয়তে নিয়োগৰ সমুচিত ক্ষেত্র তৈয়াৰ কৰাৰ বাবে আমাৰ শৈক্ষিক প্ৰতিষ্ঠানটো”হ’লমাৰ্ক”ৰ লেখিয়াকৈ বিশ্বাসৰ অন্য নাম”।ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাখণ্ডৰ এই যুগসন্ধিৰ কালছোৱাত ২০১৯ চনৰ পৰা মূলত কেৰিকুলাম সৰ্বস্ব শৈক্ষিক প্ৰতিষ্ঠানবোৰেহে দীর্ঘকালীন ভাৱে শিক্ষা প্ৰদানৰ যোগ্যতা থাকিব।মূলত 4.0 সংলগ্ন PGDM ৰ উদ্যোগীকৰনৰ বিষয়ত অধিক জোৰ দি ড০ চতুৰ্বেদীয়ে কয়,যেতিয়া শিক্ষাৰ্থীসকলক নিশ্চিত ভাৱে উপযোগী কলাকৌশলৰ লগে লগে সময়োপযোগী উন্নত প্ৰশিক্ষণ আৰু সঠিক সুবিধা প্ৰদান কৰিব পাৰিব তেতিয়াই এটা শৈক্ষিক প্ৰতিষ্ঠান উজ্জ্বলি উঠে।অতিসম্প্রতি নৱনিযুক্ত পৰিচালক সকলক উদ্যোক্তাসকলে অভিজ্ঞতাপুস্ট হিচাপে বিচাৰে।গতিকে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ প্ৰতিষ্ঠানটোৱে উদ্যোগীক প্ৰশিক্ষণ আৰু প্ৰজেক্টবোৰ হাতে-কামে কৰাটো বাধ্যতামূলক কৰিছে।ড০ চতুৰ্বেদীয়ে কয়,এতিয়ালৈকে মকৰলৰ ক্ষেত্রখনত ৪৭৫ টো কোম্পানিত আমাৰ শিক্ষার্থী কৰ্মৰত হৈছে। তাৰোপৰি পূর্বৰ বছৰেকীয়া বেতনৰ হাৰ আছিল ৬.৫০ লাখ টকা, কিন্তু বৰ্তমান বছৰেকীয়া বেতনৰ হাৰ ৭০ লাখ টকাৰে উচ্চহাৰত দিয়া হয়।
শৈক্ষিক প্ৰতিষ্ঠানটোৰ চি.ই.ও স্বদেশ সিংহই কয়, উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষার্থীসকলক প্ৰতিষ্ঠানটোৱে প্ৰাধান্য দিয়ে এইবাবেই যে স্বভাবগতভাবে তেওঁলোক মেধাসম্পন্ন।উন্নত মানদণ্ডৰ শৈক্ষিক পৰিবেশ সৃষ্টি কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে শিক্ষার্থীসকললৈ পুথিভঁৰাল, কম্পিউটাৰ লেৱ,লেবৰেটৰীৰ আৰু অভিজ্ঞতাপুস্ট অধ্যাপক নিয়োজিত কৰি সৰ্বতোপ্ৰকাৰ সুবিধা প্ৰদান কৰিছে।

P&C

শৈক্ষিক প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰাজেশ কুমাৰ গুপ্তাই মত প্রকাশ কৰে, এগৰাকী মেধাবী শিক্ষার্থীৰ বাবে আৰ্থিক অনাটনৰ দিশটো অধ্যয়নৰ অন্তৰায় হ’ব নোৱাৰে।সেয়ে সৈনিক শিক্ষার্থী আৰু মেধাসম্পন্ন শিক্ষার্থীসকলক উদ্বুদ্ধ কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ মেধা আৰু বুদ্ধিমত্তাৰ ভিত্তিত বিভিন্ন জলপানি প্ৰদান কৰা হয়।যাতে প্ৰতিগৰাকী শিক্ষার্থীয়ে উন্নত আৰু বিশ্বমানৰ শিক্ষা লভিব পাৰে।

You might also like