Your Voice, Our Strength

একলব্য গামক লোক গীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

 

আজিৰ খবৰ,গুৱাহাটী,২৭ নৱেম্বৰ ৩০২২: সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত লোক-সংগীতৰ সাধক এগৰাকীক স্মাৰক বঁটা প্ৰদান কৰি আহিছে ।এইবেলি ধেমাজিৰ সুসন্তান, লোক-সংস্কৃতিৰ সাধক একলব্য গামক এই বঁটা প্ৰদান কৰা হয় ।
সমান্তৰালভাৱে অসমৰ থলুৱা লোকগীত, লোক-পৰম্পৰাৰ প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছেসদৌ অসম ছাত্ৰ সন্থাই ।উল্লেখ্য যে
হস্তীৰ কন্যা বুলি প্ৰখ্যাত গোৱালপাৰীয়া লোক গীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক শ্ৰদ্ধাৰে স্মৰণ প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে আছুৱে ।১৯৩৪ চনৰ ৩ অক্তোবৰ তাৰিখে কলিকতাত জন্ম গ্ৰহণ কৰা প্রখ্যাত লোক শিল্পী গৰাকী গৌৰীপুৰ চহৰৰ,অবিভক্ত গোৱালপাৰা জিলাৰ জমিদাৰ পৰিয়ালৰ জীয়ৰি আছিল। তেওঁ গুৱাহাটী চহৰত ২৭ ডিচেম্বৰ ২০০২ চনত মৃত্যুবৰণ কৰিছিল। তেওঁ সংগীত নাটক অকাডেমি আৰু পদ্মশ্ৰী বঁটাৰে বিভুষিত হৈছিল। প্ৰতিমা বৰুৱা পান্ডেই একনিষ্ঠ চেষ্টাৰ ফলত গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰচাৰ, পৰিচয়ৰ আৰু জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছিল।

P&C

You might also like