Your Voice, Our Strength

অসম গ্ৰন্থমেলাৰ বিশাল জনসমাৱেশ প্ৰত্যক্ষ কৰি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 

আজিৰ খবৰ,গুৱাহাটী,৮ জানুৱাৰীঃ আজি সন্ধিয়া গ্ৰন্থমেলাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গ্ৰন্থমেলাত জনসমুদ্ৰ দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয়—“অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰশ বিক্ৰেতা সংস্থাই গ্ৰন্থ আন্দোলন তৰান্বিত কৰি অসমত এক সুন্দৰ বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিছে ৷ অসম চৰকাৰৰ উদ্যোগত গ্ৰন্থমেলা গুৱাহাটীৰ লগতে বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ইয়াৰ ফলত বিদ্যায়তনিক ক্ষেত্ৰখন সমৃদ্ধ হ’ব , ভাষা-সাহিত্যৰ বাবেও এই পদক্ষেপ আশাব্যঞ্জক ৷ মানুহে দলে দলে আহি গ্ৰন্থ ক্ৰয় কৰাটো অত্যন্ত উৎসাহজনক ৷ বিশেষকৈ তৰুণ প্ৰজন্মই কিতাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো সমাজ-জীৱনৰ বাবে শুভবাৰ্ত্তা ৷ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ পঢ়াৰ অভ্যাস গঢ় লৈ উঠিব ৷” তেওঁ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “নৱকান্ত বৰুৱা ৰচনাৱলী” আৰু “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী ” ক্ৰয় কৰে ৷ সমন্বয় প্ৰকাশন আৰু শিশু সাহিত্য ন্যাসে গ্ৰন্থৰ টোপোলা উপহাৰ দিয়ে সোণোৱালক ৷

P&C
You might also like