
কবিতাৰ শব্দ বুকুত বান্ধি গ’লগৈ নীলমণি… কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান : গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
আজিৰ খবৰ, গুৱাহাটী ১৯ জানুৱাৰী , ৰাতি হ’লে / সূৰ্য্য হেনো / নামি আহে / এই নদীয়েদি / জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ আজি দিনৰ ১১.৫৫ বজাত শেষনিশ্বাস ত্যাগ কৰে । কবিতাৰ শব্দ বুকুত বান্ধি গ’লগৈ নীলমণি…কবি গৰাকীৰ মহা প্ৰয়ানণত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে ।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোনোৱালে এই শোকৰ মুহূৰ্তত উল্লেখ কৰে, “যিগৰাকী ঋষিতুল্য ব্যক্তিৰ অনন্য পৰশত সাৰুৱা হৈ উঠিছিল অসমীয়া কাব্য সাহিত্যৰ পথাৰ, যাৰ আন্তৰিকতাপূৰ্ণ সান্নিধ্যই প্ৰফুল্লিত কৰিছিল আমাৰ মন-প্ৰাণ, তেখেত আজি আমাৰ মাজৰপৰা কায়িকভাৱে আঁতৰি যোৱাত শোকস্তব্ধ হৈ পৰিছোঁ। শ্ৰদ্ধাৰ নীলমণি ফুকনদেৱ- অসমীয়াৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত এটি ব্যক্তিসত্তা। জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষিগৰাকীৰ প্ৰয়াণ অসমীয়া তথা ভাৰতীয় সাহিত্য জগতৰ বাবে প্ৰকৃতাৰ্থতে এক অপূৰণীয় ক্ষতি।
ফুকনদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী গৰাকীয়ে ।
