Your Voice, Our Strength

ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণক লৈ গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠক : হস্তাক্ষৰ অভিযান আৰম্ভ

আজিৰ খবৰ, গুৱাহাটী, ২২ জানুৱাৰী, ২০২২ : গুৱাহাটী মহানগৰৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক সভাগৃহত জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) অসমৰ উদ্যোগত, আৰু জেএছএফ অসম প্ৰদেশৰ অধ্যক্ষ শ্ৰীপঙ্কজ তালুকদাৰৰ সভাপতিত্বত দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ দাবীত এখন “হস্তাক্ষৰ অভিযান সজাগতা সভা” অনুষ্ঠিত হয়। উক্ত সভাত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীঅনিল চৌধুৰী আৰু ৰাষ্ট্ৰীয় সংযোজিকা শ্ৰীমতী মমতা ছেহগালে মুল ভাষণ ৰাখে। ৰাষ্ট্ৰীয় মহাসচিৱদ্বয় শ্ৰী কৃষ্ণ মুৰাৰী আৰু শ্ৰী হৰেন্দ্ৰ বৰাৰ লগতে গুৱাহাটী মহানগৰৰ সচেতন নাগৰিক, উত্তৰ-পুবৰ ৰাজ্য সমূহৰ জেএছএফৰ অধ্যক্ষ সকল, সংবাদ কৰ্মী আৰু অসমৰ বিভিন্ন জিলাৰ পৰা অহা জেএছএফ কৰ্মী সকলক উদ্দেশ্যি ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে কয় যে- ভৱিষ্যত প্ৰজন্মৰ জীৱন জীবিকাৰ নিৰাপত্তা, আৰু দেশৰ ঐক্যতা-অখণ্ডতাক নিৰাপদ কৰাৰ বাবে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ বিকল্প নাই।

P&C

এখন জনসংখ্যা আইনে দেশৰ জনসংখ্যাৰ নিয়ন্ত্রণৰ বাবে চৰকাৰক এটা অধিকাৰ দিয়ে- যিটো অধিকাৰ ইউৰোপৰ দেশ সমূহৰ লগতে জাপান, চীন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশৰ চৰকাৰৰ হাতত আছে। জনসংখ্যা আকৃতিৰ হিচাপত ভাৰতে এতিয়া চীন দেশকো পিছ পেলাইছে। প্ৰতি বৰ্গ কিঃমিঃত চীনৰ জনবসতিৰ ঘনত্ব ১৫৩ জনৰ বিপৰীতে ভাৰতৰ ৪৭০ জন। চীন দেশ ভাৰততকৈ আকাৰত তিনি গুণ ডাঙৰ। জনবিস্ফোৰণৰ কবলত পৰা আমাৰ দেশ খন বিশ্বৰ ভিতৰতে জনবহুল দেশ। জনবিস্ফোৰণ এটম বোমাৰ দৰে। বিধিসন্মত কঠোৰ নিয়ন্ত্রণ ব্যৱস্থা নাথাকিলে জনসংখ্যাৰ বিস্ফোৰণে দেশত নিবনুৱাৰ ধাৰাষাৰ বৃদ্ধি, মূল্যবৃদ্ধি, পাৰিপাৰ্শ্বিকতাৰ ধ্বংস, বেদখল আৰু অৱশেষত গৃহযুদ্ধৰ সূচনা কৰি দেশক খণ্ড বিখণ্ড কৰে। সাময়িক ইউৰোপৰ দেশ ছাৰ্বিয়া আৰু আফ্ৰিকাৰ দেশ ছুডানৰ পৰা আমি শিক্ষা লোৱা উচিত। চৰকাৰে শাসন হেৰুৱাৰ ভয় কৰিব নেলাগে; কাৰণ ৰাষ্ট্ৰহিতৰ স্বাৰ্থতহে কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন আনিবলৈ দাবী তোলা হৈছে। গৰিষ্ঠ সংখ্যক ৰাইজেও কথাবোৰ বুজি উঠিছে। সাম্প্ৰতিক সময় এখন জনসংখ্যা নিয়ন্ত্রণ আইনৰ বাবে অনুকুল সময়। ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে পুনৰ কয় যে- জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজনীয়তা সম্পৰ্কে পৃষ্ঠা সংযোজক সকলে গাওেঁ ভুইয়ে গৈ সমাজৰ শেষৰ গৰাকী ব্যক্তিকো সচেতন কৰাৰ ক্ষমতা ৰাখে। সেয়ে গণ স্বাক্ষৰ অভিযানৰ লগত জৰিত পৃষ্ঠা সংযোজক সকলক জেএছএফৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ব্ৰহ্মাস্ত্ৰ আখ্যা দিছে।

উক্ত সভাত ৰাষ্ট্ৰীয় জেএছএফৰ কাৰ্যনিৰ্বাহকৰ সচিব শ্ৰীমতী নাং লাকী গগৈৰ লগতে জেএছএফৰ ৰাষ্ট্ৰীয় মহিলা শক্তিৰ ফালৰ পৰা উপাধ্যক্ষা শ্ৰীমতী ৰুবী সিংহ, সহঃ সংযোজিকা ৰূপৰেখা গোস্বামী আৰু সচিৱ মঞ্জিৰা ডেকা উপস্থিত থাকে। জেএছএফ অসমৰ সংযোজক ডঃ মনোৰঞ্জন কলিতা, সংগঠন সচিৱ শ্ৰী মৃণাল গোস্বামী আৰু মহিলা শক্তিৰ সংগঠন সচিৱ শ্ৰীমতী চন্দা বিশ্বাসে পৰিচালনা কৰা গুৰুত্বপূৰ্ণ সভাখনত মহিলা শক্তিৰ অধ্যক্ষা শ্ৰীমতী ৰঞ্জিতা ৰাজ, যুৱশক্তিৰ অধ্যক্ষ শ্ৰী প্ৰিয়ংকু নাৰায়ণ বৰুৱা, জিলা জেএছএফৰ অধ্যক্ষ সকলৰ লগতে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ কাৰ্যনিৰ্বাহকৰ সকলো সদস্য সমন্বিতে জিলা জেএছএফৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

You might also like