Your Voice, Our Strength

কবি,গীতিকাৰ ,সাংবাদিক চন্দন কলিতাক সৃষ্টি চিনে সন্মান

চাৰি বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান চিনে সন্মান সৃষ্টি চিনে প্ৰডাকচনৰ

আজিৰ খবৰ,১২ ফেব্ৰুৱাৰী,গুৱাহাটী: অসমীয়া বোলছবি নিৰ্মাতা সৃষ্টি চিনে প্ৰডাকচনৰ উদ্যোগত আৰু টাইম নিউজ অসম নৰ্থ ইষ্টৰ সহযোগত দেওবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজৰ অগ্ৰণী ভূমিকা লোৱা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকী বিশেষ ব্যক্তিক বিভিন্ন বঁটাৰে সন্মানিত কৰে ছবি নিৰ্মাতা গোষ্ঠী সৃষ্টি চিনে প্ৰডাকচনে । দিশপুৰ প্ৰেছক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিজিটেল মেডিয়া টাইম নিউজ অসম নৰ্থ ইষ্টৰ তৃতীয় বাৰ্ষিকী বৰ্ষপূৰ্তি অনুষ্ঠানত চাৰি গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে বিশিষ্ট চলচ্চিত্ৰ অভিনেতা ৰাজ শৰ্মা , বিশিষ্ট সমাজ সেৱক
গৌতম গয়েঙ্কা , শিশু শিল্পী,গায়ক কৃশানু বুঢ়াগোহাঁইক সৃষ্টি চিনে ২০২৩ বঁটা আৰু গোলাঘাটৰ আদৰ্শ আগৰ খেতিয়ক ছৈযদূৰ ৰহমানক সেউজ বন্ধু বঁটাৰ লগতে কবি,গীতিকাৰ,সাংবাদিক চন্দন কলিতাক সৃষ্টি চিনে সন্মানেৰে সন্মানিত কৰে । লগতে সাংবাদিক ভাস্কৰ শইকীয়া,কথা বন্ধু লিপিকা শৰ্মা,শিশু বিজ্ঞানী নীহাৰ দত্তক সৃষ্টি চিনে সন্মান প্ৰদান কৰা হয় । অৰিন্দম বুঢ়াগোহাঁই আৰু সৃষ্টি চিনে প্ৰডাকচৰ সঞ্চালক উৎপল ৰাণাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে ছবি পৰিচালক,লেখক বিতুমণি গোস্বামী,নেপেডচ গ্ৰুপ অফ ইনটিটিউটৰ অধ্যক্ষড০ প্ৰশান্ত বুঢ়াগোঁসাই,জেষ্টমেড ডায়গ’নষ্টিক আৰু পলিক্লিনিকৰ মুখ্য কাৰ্যবাহী বিষয়া মিন্টু ৰঞ্জন দত্ত,
সংগীত পৰিচালক বিকাশ বৰুৱা,গ্ৰীণ মাইণ্ডৰ সঞ্চালক দিগন্ত চুতীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

 

You might also like