Your Voice, Our Strength

এশ্বছিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্ট (অসম)ৰ সমিতি গঠন

আজিৰ খবৰ,গুৱাহাটী, 20 ফেব্ৰুৱাৰী: সাংবাদিকৰ অধিকাৰ আৰু ন্যায় সাব্যস্ত কৰা সৰ্ব ভাৰতীয় সংস্থা
এশ্বছিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ অসম ৰাজ্যিক সমিতি খন আজি গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে গঠন কৰা হয়। জ্যেষ্ঠ সাংবাদিক কিৰণ কুমাৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভা খনত উপস্থিত থাকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ষাঠি গৰাকীৰো অধিক সাংবাদিক। ইপিনে
এশ্বছিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ কেন্দ্ৰীয় সমিতিৰ সংগঠনৰ সচিব বিনোদ শোলাংকী বিশেষ তৎপৰতাত অনুষ্ঠিত সভা কিৰণ কুমাৰ গগৈক সভাপতি আৰু প্ৰবীণ সাংবাদিক উপেন কলিতাক কাৰ্যকৰী সভাপতি, পংকজ নাথক মূখ্য সম্পাদক নিবিড় নিতীশ শৰ্মা আৰু বলিন ডেকাক যুটীয়া সম্পাদক , হেমন্ত শৰ্মা, জ্যোতিপ্ৰসাদ বৰা, হিমাক্ষী বৰুৱাক সহ: সম্পাদক,
উদ্দীপ্ত দুৱৰী আৰু অনামিকা নাথক উপ সভাপতি হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। প্ৰচাৰ সম্পাদকৰ দায়িত্ব আছে সঞ্জয় কুমাৰ কলিতা, আজিজুৰ ৰহমান, ৰাজীৱ দেৱ, বসন্ত দাস, উৎপল মেধি, খাইবৰ মণ্ডল আৰু মনোৱাৰ আলি। কোষাধ্যক্ষৰ দায়িত্বত আছে মুকুট গোস্বামী, সংস্কৃতিক সম্পাদকৰ দায়িত্বত শশাংক ভৱানী, সাহিত্য সম্পাদকৰ দায়িত্বত পূবালী শৰ্মা, ক্ৰীড়া সম্পাদকৰ দায়িত্বত আছে দিব্যজ্যোতি দাস। আনহাতে, কাৰ্যবাহী সদস্যৰ দায়িত্বত আছে ইশ্বাদুল আলম, হিমাশ্ৰী কলিতা, গায়ত্ৰী ডেকা, দুলাল ডেকা, মৃদুস্মিতা ডেকা। আনহাতে, কাৰ্যালয় সম্পাদকৰ দায়িত্বত আছে হিৰক ভট্টাচাৰ্য। একেদৰে সাংগঠনিক সম্পাদকৰ দায়িত্বত আছে জিন্টু শইকীয়া, হিমাংশু দাস, দ্বিপজ্যোতি চহৰীয়া, মেছৰ আলি, মিন্টু শৰ্মা, নয়ন দাস, সঞ্জীৱ মজুমদাৰ আৰু খামৰুল ইছলাম। এশ্বছিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্ট (অসম)এ ৰাজ্যৰ সাংবাদিকৰ কল্যাণৰ হকে কাম কৰিব। উল্লেখযোগ্য সমগ্ৰ অসমতে আঠটা মণ্ডলত বিশেষ বিশেষ কাৰ্যপন্থাৰে কাম কৰি যোৱা উদ্দেশ্য আগত ৰাখি আজি গঠিত কমিটি খনত ভিন্ন প্ৰান্তৰ পৰা অহা সদস্য সকলক পদবী আৰু দায়িত্ব সমূহ অৰ্পণ কৰা হয়।

P&C
You might also like