
টেলেন্ট স্প্ৰিন্টৰ মহিলা অভিযন্তাৰ (WE)কাৰ্য্যসূচী ঘোষণা
- আজিৰ খবৰ,গুৱাহাটী,২২ ফেব্ৰুৱাৰী, ২০২৩: টেলেন্ট স্প্ৰিন্টে মহিলা অভিযন্তাৰ (WE)কাৰ্য্যসূচী ঘোষণা কৰিছে।চলিত বৰ্ষৰ এই কাৰ্য্যসূচীৰ লক্ষ্য হৈছে সমগ্র দেশৰ ভিতৰত ২০০ গৰাকী প্রথমবৰ্ষৰ মহিলা অভিযন্তা ছাত্রী চিনাক্তকৰণ,নিৰ্বাচিতকৰণ, প্ৰশিক্ষণ আৰু তেওঁলোকলৈ সকলো সুবিধা প্রদান কৰা,যাতে তেওঁলোকক একোগৰাকী বিশ্বমানৰ চফ্টৱেৰ অভিযন্তা হিচাপে গঢ়ি তুলিব পাৰি।এই প্ৰক্ৰিয়াটোত প্ৰতিগৰাকী নিৰ্বাচিত ছাত্রীৰ বাবে ১০০% বৃত্তি প্রদান ব্যবস্থাৰ লগতে ১০০,০০০ পৰিমাণৰ ধনৰাশি পুৰষ্কাৰমূলক ভাৱে প্ৰদান কৰা।
WE ৰ এই ক্ষেত্ৰত মূল উদ্দেশ্য হৈছে উদ্যোগী আৰু উচ্ছাকাংক্ষী মহিলা অভিযন্তা ছাত্রীসকলক উচ্চ মানবিশিষ্ট টেক-কেৰিয়াৰৰ লগতে আৰ্থ-সামাজিক দিশত আৰু অধিক সক্ষম কৰি তোলা।সেয়ে এই কাৰ্য্যসূচীত সন্নিবিষ্ট আছে, জটিল বিষয়ৰ বিশ্লেষণাত্মক দক্ষতা,হাতেৰে কৰা লাইভ প্ৰকল্প, সমস্যা সমাধানৰ দক্ষতাৰ লগতে টেকলিডাৰৰ দ্বাৰা নিবেদিত মেন্টৰশ্বীপ,যিয়ে সফলতাৰ বাবে অপৰিহাৰ্য দক্ষতা গোট গঢ়ি তোলাত সহায়তা প্রদান কৰে।উল্লেখ্য যে গুগলে এই কাৰ্য্যসূচীক আৰম্ভণিৰে পৰাই সমৰ্থন আগবঢ়াই আহিছে।তেওঁলোকৰ প্ৰতিশ্ৰুতি এইযে প্ৰক্ৰিয়াত মনোনিবেশৰ জৰিয়তে মহিলা অভিযন্তা ছাত্রীসকল প্ৰযুক্তিৰ সৈতে জড়িত কৰা, অধিক সক্ষম কৰা আৰু শক্তিশালী পদক্ষেপ গ্রহণ কৰিব পৰাকৈ গঢ়ি তোলা।
দুবছৰীয়া এই বিশেষ কৰ্মসূচীত WE ৰ শীর্ষমানৰ অধ্যাপক,টেলেন্ট স্প্ৰিন্টৰ উদ্দ্যোগ বিশেষজ্ঞ আৰু অভিযন্তা তথা গুগলৰ প্ৰযুক্তি বিশেষজ্ঞ সকলৰ মেন্টৰশ্বীপত এই কাৰ্য্যসূচী ৰূপায়িত হয়। প্রথম বর্ষৰ মহিলা অভিযন্তা ছাত্রীসকলৰ ভিতৰত যিয়ে B. Tec.অথবা B. E.নাইবা বিশেষ ভাৱে IT, CSE, ECE, EEE, AI, গণিত, প্ৰায়োগিক গণিত বিষয়ত দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাত ৭০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোককহে এই প্ৰক্ৰিয়াটোৰ বাবে যোগ্য বিবেচনা কৰা হয়।
ছাত্রী নিৰ্বাচন প্ৰক্ৰিয়াটোত শীর্ষৰ এক শতাংশ ছাত্রীয়েহে স্হান লাভ কৰে।প্রথম পৰ্যায়ত প্ৰায় পাচশঁ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা ৭০ হাজাৰোধিক আবেদন প্ৰপত্ৰ আহিছিল।তাৰ ভিতৰত ৭৫০ গৰাকীমান ছাত্রী ইয়াৰ বাবে নিৰ্বাচিত হৈছিল।ইয়াৰে প্ৰায় ৩৪% ছাত্রী আছিল প্রথম পৰ্যায়ৰ স্নাতক তথা ২৫% গ্ৰামীণ ভাৰতৰ বাসিন্দা আছিল।
এই কাৰ্য্যসূচীটোৱে টেকৰ দৃষ্টিৰে আৰ্থ-সামাজিক ক্ষেত্রত লিংগ বৈষম্যৰ দিশত গুৰুত্ব আৰোপ কৰে।প্ৰমাণীকৰণ হৈছে যে ইয়াত অংশগ্রহণকাৰী সকলৰ বাবে WE সম্প্রদায়টো উচ্চকোটিৰ গোটলৈ পৰিবৰ্তিত হৈছে।প্ৰতিভাশালী মহিলাসকলে প্ৰতিভা বিকাশৰ বাবে মেন্টৰিঙ আৰু নেটৱৰ্কিংত এটা আত্মনিৰ্ভৰশীলতাৰ পৰিবেশ সৃষ্টি কৰিব পাৰিছে।WE ৰ এলুম্নিত প্ৰকাশিত হৈছে যে প্ৰাক্তন ছাত্র ছাত্রীসকলে ৫০ টাতকৈয়ো বেছি গ্ল’বেল টেক কোম্পানিত গড় বজাৰ মূল্যৰ সাধাৰণ দৰমহাৰ বিপৰীতে প্ৰায় তিনিগুণ অধিক হাৰত দৰমহাৰে ১০০ শতাংশ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।এয়া বছৰি ৫৪ লক্ষ টকা।এই বিষয়টো প্ৰতীয়মান হৈছে যে WE কাৰ্য্যসূচীটো মহিলা ছাত্রীসকলৰ বাবে এক সুদুৰপ্ৰসাৰী পৰিবৰ্তিত মঞ্চ যাৰ সহায়ত তেওঁৰ তেওঁলোকে গ্ল’বেল কেৰিয়াৰত নিজকে পুৰস্কৃত কৰিব পাৰিব।
