
জাফা আৰু এচ এল এ চিৰ ছাত্ৰ- যুৱ সমাৰোহত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মক বক্তৃতা
আজিৰ খবৰ,বঙাইগাঁও ২৬ ফেব্ৰুৱাৰী:
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ চুমুকৈ(এচ এল এ চি)ৰ সহযোগত আৰু জাৰ্ণেলিষ্ট এছ’চিয়েচন ফৰ আসাম (জাফা)ৰ উদ্যোগত ২৫ ফেব্ৰুৱাৰীৰ দিনা বঙাইগাৱৰ পাব্লিক লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত
ছাত্ৰ-যুৱ সমাৰোহ -২০২৩ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত লেখক গৱেষক শংকৰ দাস, প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়া আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।আলোচ্য বিষয় হিচাবে পূৰ্বাঞ্চল আৰু ৰাষ্ট্ৰ বিৰোধী শক্তি প্ৰত্যাহ্বান তথা ইয়াৰ নিৰাকৰণৰ উপায় আৰু যুৱ প্ৰজন্মৰ ভূমিকা শীৰ্ষক এক আলোচনাত বক্তব্য আগবঢ়াই সমাজকৰ্মী,লেখক শংকৰ দাসে। ড্ৰাগছ, অন্ধবিশ্বাস কুসংস্কাৰমুক্ত সমাজ নিৰ্মানত ছাত্র আৰু যুৱ সমাজৰ ভূমিকা তথা কৰণীয় সন্দৰ্ভত এক মনোগ্ৰাহী ভাষণ আগবঢ়োৱাৰ লগতে অন্ধবিশ্বাসৰ কুপ্ৰভাৱৰ পৰা কেনেকৈ মুক্ত হ’ব পৰা যায় এই সন্দৰ্ভত সা-সৰঞ্জামৰ দ্বাৰা বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াই
বিশিষ্ট প্ৰেৰণাত্মক বক্তা, আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। পৰবৰ্তী যোগ,ক্ৰীড়া আৰু শৰীৰচৰ্চা,ছাত্ৰ-যুৱ সমাজৰ ভৱিষ্যতৰ আলোকপাত কৰে ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে।পৰবৰ্তী সমাজ বিৱৰ্তনত ছাত্ৰ-যুৱ সমাজৰ ভূমিকাৰ ওপৰত এক বক্তব্য আগবঢ়াই সমাজকৰ্মী তথা শিক্ষাবিদ ড০ ভবেন্দ্ৰ নাথ মহনে। উক্ত অনুষ্ঠানত এচ এল এ চিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে ভালে কেইজন বিশিষ্ট ব্যাক্তিৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ উপৰি জাফাৰ সাধাৰণ সম্পাদক কুঞ্জমূহন ৰায় উপস্থিত থাকে ।
