Your Voice, Our Strength

অসমৰ সাত গৰাকী সমাজ সেৱকলৈ গ্লোবেল হিউমেনিটি চেঞ্জ মেকাৰ ২০২৩ সন্মান

 

আজিৰ খবৰ,১৪ মাৰ্চ২০২৩ : সামাজিক দায়বদ্ধতা আৰু মানৱতাৰে আগবাঢ়ি যোৱা আৰু বিভিন্ন জনক ৰক্ত দান কৰি মহানতাৰ পৰিচয় দাঙি ভাৰত বৰ্ষৰ প্ৰায় ২০০ গৰাকী বিশিষ্ট সমাজকৰ্মীক প্ৰদান কৰা হয় গ্লোবেল হিউমেনিটি চেঞ্জ মেকাৰ ২০২৩ সন্মান । ইয়াৰে অসমৰ সাত গৰাকী সমাজ সেৱকলৈ প্ৰদান কৰা হয় গ্লোবেল হিউমেনিটি চেঞ্জ মেকাৰ ২০২৩ সন্মান । দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানৰ বিকানেৰত ৰবীন্দ্ৰ ৰং মঞ্চত অনুষ্ঠিত আন্তৰ্জাতিক সমাজকৰ্মী গোলকীয় মানৱতা পৰিৱৰ্তন নিৰ্মাতা বঁটা প্ৰদান অনুষ্ঠান – 2023 ত এই বঁটা সমূহ প্ৰদান কৰা হয় ।
উক্ৰ অনুষ্ঠানত অসমৰ পৰা নিমন্ত্ৰণ কৰা ৭ গৰাকী সমাজসেৱক ক্ৰমে প্ৰাঞ্জুমণি দাস, অংকুৰ গগৈ,দীপক ৰাজখোৱা,এটোৱাৰ ৰেকিবুদ্দিন আহমেদ,পিকু মণি বৰা,শেখৰ মজুমদাৰ আৰু সুদিপ কুন্ডুকো একোখনকৈ প্ৰমাণ পত্ৰ লগতে Global Humanity Award 2023’ৰ সন্মান প্ৰদান কৰে ।ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ লগতে বিদেশৰ পৰা অহা বিভিন্ন সমাজসেৱক সকল যেনে নেপাল, চৌদি আৰব,ভূটান পাকিস্তানৰ পৰা অহা বিভিন্ন ক্ষেত্ৰৰ ২০০ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হয় ।

P&C

You might also like