Your Voice, Our Strength

২৪, ২৫ আৰু ২৬ মার্চত প্ৰথম বঙাইগাঁও চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

 

আজিৰ খবৰ বঙাইগাঁৱ, ২০ মার্চ : সামাজিক-সাংস্কৃতিক গোষ্ঠী ‘সূৰ্য্য’ৰ উদ্যোগত ‘বঙাইগাঁও চিনে ক্লাব’ তথা ‘চলচ্চিত্ৰম’ৰ সহযোগত ২৪, ২৫ আৰু ২৬ মার্চত (শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰ) বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্রেক্ষাগৃহত বিস্তৃত কাৰ্য্যসূচীৰে প্ৰথম বাৰৰ বাবে বঙাইগাঁও চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হব। ‘সূৰ্য্য’ৰ সভাপতি আৰু সম্পাদনক ক্রমে সাম্য ভৰদ্বাজ আৰু অঞ্জন কুমাৰ দাস; বঙাইগাঁও চিনে ক্লাবৰ সভাপতি ধৈৰ্য্য নাথ চৌধুৰী আৰু সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱাই প্ৰকাশ কৰা অনুসৰি প্রথম বাৰৰ বাবে তিনিদিনীয়া কাৰ্য্যসূচীৰে বঙাইগাঁৱত আয়োজিত চলচ্চিত্র মহোৎসৱৰ লগত সংগতি ৰাখি বঙাইগাঁও চহৰৰ চিলাৰায় ইনড’ৰ ষ্টেডিয়ামত ২৪ মার্চৰ পুৱা ১০ বজাৰ পৰা চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব ৷ চিত্রাংকন প্রতিযোগিতাৰ উদ্বোধন কৰিব বসন্ত কুমাৰ চৌধুৰীয়ে। পুৱা ১০ বঙাইগাঁও পৌৰসভাৰ উপ পৌৰপতি শৈলেন্দ্ৰ সৰকাৰে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব। ইয়াৰ পিছতে প্রাচীৰ পত্রিকা উন্মোচন কৰিব গ্রেটাৰ বঙাইগাঁও প্রেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শর্মাই ৷ বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া নৃত্য প্রতিযোগিতাৰ উদ্বোধন কৰিব বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধচন্দ্ৰ দাসে ৷ ২৫ মাৰ্চৰ পুৱা ১০ বজাত বিশিষ্ট চলচ্চিত্র অভিনেতা যতীন বৰা চলচ্চিত্র মহেৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠক আৰু বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা৷ ইয়াৰ পিছতে নৃত্য আৰু চিত্রাংকন প্রতিযোগিতাৰ পুৰষ্কাৰ বিতৰণ অনুষ্ঠিত হ’ব ৷ চলচ্চিত্র অভিনেতা যতীন বৰাৰ সৈতে ‘মুখামুখি’ অনুষ্ঠানৰ অন্তত দিনৰ ১, ৩ আৰু সন্ধিয়া ৫ বজাত ক্রমাগতভাৱে অসমীয়া চলচ্চিত্র ‘শৃংখল’, ‘বান্ধোন’ আৰু ‘টিআৰপি’ প্ৰদৰ্শিত হ’ব৷ ২৬ মাৰ্চৰ পুৱা ১০ বজাত অসমীয়া চলচ্চিত্ৰ‘কেলেন্ডাৰ’ প্ৰদৰ্শিত হ’ব ৷ ইয়াৰ পিছত দিনৰ ১ বজাৰ পৰা বীৰঝৰা পাব্লিক লাইব্ৰেৰীত চলচ্চিত্র বিষয়ক কর্মশালা অনুষ্ঠিত হ’ব ৷ অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ ডঃ ভূপেন হাজৰিকা আঞ্চলিক চলচ্চিত্ৰ আৰু টেলিভিছন প্রতিষ্ঠানৰ চিনেমাটোগ্রাফী বিভাগৰ বিভাগীয় মুৰব্বী কিশোৰ কুমাৰ শৰ্মা ৷ সিদিনা বিয়লি ৩ বজাত অসমীয়া চলচ্চিত্র ‘সোনাৰ বৰণ পাখি’ আৰু বিয়লি ৫ বজাত ‘আলিফা’ প্রদর্শিত হ’ব ৷ সন্ধিয়া ৭ বজাত পৰম্পৰাগত সাজ-পোচাকৰ ফেশ্বন শ্ব প্রতিযোগিতাৰ শুভ উদ্বোধন কৰিব বিশিষ্ট শিশু বিশেষজ্ঞ ডাঃ ইতেশ বৰদলৈয়ে।

P&C
You might also like