Your Voice, Our Strength

ৰেলৰ খুন্দাৰ পৰা হাতী ৰক্ষা কৰিবলৈ প্ৰয়োগ হব উন্নত প্ৰযুক্তি

ৰেলটেইলৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ

 

আজিৰ খবৰ গুৱাহাটী , ২১ মাৰ্চ : অসমকে ধৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ ( এন এফ আৰ ) পৰিসৰৰ অধীনত থকা কেবাখনো ৰাজ্যত হস্তীৰ দণ্ডী তথা এলিফণ্ট কৰিডৰৰ মাজেৰে নিৰ্মাণ কৰিবলগীয়া হৈছে ৰেলপথ । যাৰ বাবে মাজে সময়ে ৰেলৰ খুন্দাত হাতী নিহত বা আহত হবলগীয়া হোৱাত স্বাভাৱিকতে প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰেলৱে কৰ্তৃপক্ষই ৰেলৰ খুন্দাত যাতে হাতী নিহত বা আহত হবলগীয়া নহয় তাৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই উন্নত প্ৰযুক্তিৰ সহায়ত ৰেল চালক , নিকটবৰ্তী ষ্টেচন মাষ্টাৰ , নিয়ন্ত্ৰণ কক্ষই হাতী ৰেলপথত উঠাৰ লগে লগে গম পাই যাব । ফলত ৰেল চালকে সঠিক সময়ত ৰেল ৰখাবলৈ সক্ষম হব । আনহাতে এই প্ৰযুক্তি প্ৰদান কৰিব ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান ৰেলটেইল কৰ্পৰেচন অফ ইণ্ডিয়া লিমিটেডে । ২০.মাৰ্চত এন এফ ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ মহা প্ৰৱন্ধকৰ সভাগৃহত ৰেলটেইল আৰু ৰেলৱে কৰ্তৃপক্ষৰ মাজত এই সম্পৰ্কীয় এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । আনহাতে এন এফ ৰেলৱেৰ মহা প্ৰৱন্ধক অংশুল গুপ্তা আৰু ৰেলটেইলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জয় কুমাৰৰ উপস্থিতিত এন এফ ৰেলৱেৰ মুখ্য যোগাযোগ অভিযন্তা জি আৰ দাস আৰু ৰেলটেইলৰ কাৰ্যবাহী সঞ্চালক জাকিৰ ছিদ্দিকীয়ে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত এন এফ ৰেলৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাই কয় ৰেলৰ খুন্দাত কোনো জীৱ জন্তুৰ হানি বিঘিনী হোৱাটো আমি কামনা নকৰো । বিগত ১০ বছৰত এন এফ ৰেলৱেৰ পৰিসৰত ৰেলৰ খুন্দাত ৮৫ টা বনৰীয়া হাতী নিহত হৈছে । ইয়াৰে ৫৫ টা আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনত পশ্চিমবঙ্গৰ ভূমিত আৰু ৩০ টা হাতীৰ মৃত্যু হৈছে লামডিং সংমণ্ডলৰ অধীনস্থ এলেকাত । এই প্ৰযুক্তিৰ সফল প্ৰয়োগ হলে নিশ্চিতভাবে ৰেলৰ খুন্দাত হাতী নিহত বা আহত হোৱাৰ পৰা ৰক্ষা পৰিব । তেনেদৰে ৰেলপথৰ ওপৰত ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হোৱাৰ পৰাও আগতীয়াকৈ এই প্ৰযুক্তিয়ে সংকেত প্ৰদান কৰিব । একেটা অনুষ্ঠানত ৰেলৱেৰ বিষয়া – কৰ্মচাৰীৰ বাবে আবাস আবন্টন লাভ কৰাৰ বাবে অনলাইনত আবেদম জনোৱা সম্পৰ্কীয় পদ্ধতি আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত কি কৰিব সেই সম্পৰ্কীয় এখন হাতপুথিও উন্মোচন কৰা হয় । মাজেৰে পূব সীমান্ত ৰে’লৱেই আজি ৰে’ল- হাতীৰ সংঘৰ্ষ আৰু দুৰ্যোগ প্রশমন ব্যৱস্থা প্ৰতিহত কৰাৰ উদ্দেশ্যে ইনট্রুজন ডিটেকচন চিষ্টেম (আই.ডি.এছ.) স্থাপনৰ বাবে ৰে’লটেইল কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেই বন্য জন্তু, বিশেষকৈ হাতীৰ ৰেলৱে ট্ৰেকৰ কাষেৰে চলাচল প্রতিহত আৰু চিনাক্ত কৰাৰ বাবে বহুতো পদক্ষেপ গ্রহণ কৰি আহিছে। গুৰুত্বপূৰ্ণ খণ্ডসমূহত আইডিএছ স্থাপন কৰাটো হৈছে সেইবোৰৰ ভিতৰত অন্যতম।

P&C

এই বুজাবুজি চুক্তিখনত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ চীফ কমিউনিকেচন ইঞ্জীনিয়াৰ জি আৰ দাস আৰু এক্সজিকিউটিভ ডাইৰেক্টৰ / ইষ্টাৰ্ণ ৰিজন/ ৰেলটেইল জাকিৰ ছিদ্দিকিয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী অংশুল গুপ্তা আৰু ভাৰতীয় ৰে’লটেইল নিগমৰ চীফ মেনেজিং ডাইৰেক্টৰ শ্ৰী সঞ্জয় কুমাৰৰ উপস্থিতিত স্বাক্ষৰ কৰে। অনুষ্ঠানত এন এফ ৰেলৱেৰ প্ৰধান মুখ্য যোগাযোগ অভিযন্তা সমীৰ দীক্ষিত , প্ৰধান মুখ্য অভিযন্তা বিনোদ কুমাৰ বাৰ্মা , জ্যেষ্ঠ উপ মহা প্ৰবন্ধক ৰাজীৱ মহাজন , মহা প্ৰবন্ধকৰ সচিব শুভানন চন্দা , মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচি দেকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে ৰেলটেইলৰ এই উন্নত প্ৰযুক্তিৰ বাবে সম্প্ৰতি আজাৰা – কামাখ্যা ৰেল ষ্টেচনৰ মাজৰ দীপৰ বিলৰ হস্তী কৰিডৰত ৰেলপথৰ দাঁতিত অপ্টিকেল ফাইবাৰ কেবল বহুওৱা কাম চলি আছে । তেনেদৰে পশ্চিমবংগৰ আলিপুৰদুৱাৰ সংণ্ডলৰ অন্তৰ্গত ডুৱাৰ্চ অঞ্চলৰ হাচিমাৰা চালছা খণ্ড আৰু অসমৰ লামডিং সংণ্ডলৰ অন্তৰ্গত লংকা-হাৱাইৰ খণ্ডত উত্তৰ পূব সীমান্ত ৰে’লৱেই হাতত লোৱা আই.ডি.এছ. ত পাইলট প্ৰকল্পটোৰ ১০০% সফলতা লাভ কৰা হৈছে । দীপৰ বিলৰ পাছত উত্তৰ পূব সীমান্ত ৰে’লৱেত বিস্তৃত হৈ থকা আন সকলো হস্তী কৰিডৰত ক্ৰমান্বয়ে প্ৰণালীটো স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। N

You might also like