Your Voice, Our Strength

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী আৰম্ভ

আজিৰ খবৰ গুৱাহাটীী, ২৩ মাৰ্চ : বিগত তিনিটা বৰ্ষৰ সফল সমাপ্তিৰ পাছত চলিত বৰ্ষতো নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ শুভাৰম্ভণী ২৩ মাৰ্চ, বৃহস্পতিবাৰে গুৱাহাটীৰ জজ ফিল্ডত হৈ যায় । এইবাৰ বৰাক প্ৰেছ ক্লাব, ডিফু প্ৰেছ ক্লাব, শ্বিলং প্ৰেছ ক্লাবকে ধৰি সৰ্বমুঠ ১২ টা দলে অংশগ্ৰহণ কৰিছে । প্ৰতিযোগিতাখন লীগ কাম নক আউট ভিত্তিত অনুষ্ঠিত হ’ব । উদ্বোধনী মেচত দূৰদৰ্শন অসমে ডি এ নিউজ প্লাছক ৯ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে । টছত জয়ী হৈ ডি এ নিউজ প্লাছে বেটিঙৰ সিদ্ধান্ত লৈ ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৮৫ ৰাণ সংগ্ৰহ কৰে । দলৰ হৈ অধিনায়ক কমলেশ বৰ্মণে ৪০ টা বলত ৩ টা বাউণ্ডেৰীৰে ২১ ৰাণ তথা নিপন মেধীয়ে ২১ ৰাণৰ বৰঙনি আগবঢ়ায় । ডি ডি অসমৰ গৌৰাংগ গগৈ আৰু অনুপ ভট্টই তিনিটাকৈ উইকেট দখল কৰে ।
প্ৰত্যুত্তৰত ডিডি অসম ৮. ৪ অভাৰত এটা উইকেট হেৰুৱাই উক্ত ৰাণ সংগ্ৰহ কৰে । অনুজ বাচফৰে ৩৪ তথা পলাশ কুমাৰ ৰয়ে ৩০ ৰাণ সংগ্ৰহ কৰে । ডিডি অসমৰ অধিনায়ক গৌৰাংগ গগৈয়ে (৩/৫) মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে ।

P&C

আনহাতে, দ্বিতীয়খন মেচত যোৱাবাৰৰ বিজিত দল এন ডি ২৪ য়ে জি এল পাব্লিকেচনক অনায়াসে ৮ উইকেটত পৰাস্ত কৰে । টচত পৰাজিত হৈ প্ৰথম বেটিং কৰা জি এল পাব্লিকেচনে ১৭.১ অভাৰত ৬৭ ৰাণতে ইনিংছ সামৰে । স্পীনাৰ ৰঞ্জিত চাংমাইয়ে ১২ ৰাণৰ বিনিময়ত ৫ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত এন ডি ২৪ দলে মাত্ৰ ৫ অভাৰতে ৰঞ্জিত (২৫) ৰ উইকেটটো হেৰুৱাই লক্ষ্য অতিক্ৰম কৰে । ৰঞ্জিত চাংমাইয়ে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে ।
ইয়াৰ পূৰ্বে অনুস্থিত উদ্বোধনী অনুস্থানত উপস্থিত থাকে হেল্থ টিটী হাস্পতালৰ ডেপুটী মেডিকেল ছুপাৰিটেন্ডেন্ট ডাঃ বিষ্ণু দাস, সাহিত্যিক জয়ন্ত মাধৱ বৰা, ক্ৰীড়া সংগঠক কল্যান কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, উদয় বৰগোঁহাই, ‘অসমীয়া খবৰ’ ৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জমোহন ৰায় । শুকুৰবাৰে প্ৰথম মেচত মুখামুখী হ’ব প্ৰাগ নিউজ আৰু এন বি নিউজ । ইফালে, বিয়লি আনখন মেচত যোৱাবাৰৰ চেম্পিয়ন প্ৰতিদিন গ্ৰুপে এন কে টিভিৰ বিপক্ষে অৱতীৰ্ণ হ’ব ।

You might also like