Your Voice, Our Strength

কাইলৈৰ পৰা গুৱাহাটীত উত্তৰ পূৱ লোক মহোৎসৱ ২০২৩”: 

বিশেষ আকৰ্ষণ লোক শিল্পীৰদল ‘দোহৰ’

আজিৰ খবৰ, ২৩ মাৰ্চঃ উত্তৰ পূব লোকসংস্কৃতি আৰু ঐতিহ্যক প্ৰচাৰ কৰাৰ লক্ষ্যৰে অহা ২৪ মাৰ্চ ২০২৩ তাৰিখ শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষ আই টি এ মাচখোৱাত “উত্তৰ পূৱ লোক মহোৎসৱ ২০২৩” আয়োজন কৰিবলৈ ওলাইছে ব্যাতিক্ৰম মাছডো। এই কাৰ্যসূচীত বিশেষ অতিথি হিচাপে অসমৰ মাননীয় ৰাজ্যপাল মহোদয় গুলাব চান্দ কটাৰিয়াৰ উপস্থিতিত শোভা বঢ়াব লগতে এই কাৰ্যসূচীত বহু বিশিষ্ট অতিথি যেনে শিক্ষামন্ত্ৰী ড° ৰানোজ পেগু; অসম বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, উত্তৰ-পূব উন্নয়ন বিত্ত নিগমৰ মুখ্য পৰিচালন সঞ্চালকলশ্ৰী পি ভি এছ এল এন মূৰ্টি , গেট হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ বেদাব্ৰত পাঠক, নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ সঞ্চালিকা অধ্যাপিকা ড°সংগীতা ত্ৰিপাতি, বিখ্যাত কবি আৰু ঔপন্যাসিক শঙ্খ সুভ্ৰ দেৱবৰ্মন, এভ্ৰিডে ছল্টৰ পৰিচালক নৰেশ জৈন, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা শংকৰ লল্ল গোৱেংকা, ইলুমিছ এষ্টেটিক ক্লিনিকৰ প্ৰতিষ্ঠাপক ডাঃ ৰীমা দাস মেলিক; বিশিষ্ট গায়িকা মনীষা হাজৰিকা, সাহিত্য একাডেমী বঁটা বিজয়ী ড° উষৰঞ্জন ভট্টাচাৰ্যকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি “নৰ্থ ইষ্ট ফ’ক ফেষ্ট ২০২৩”ৰ বিশেষ আকৰ্ষণত কলকাতাৰ বিখ্যাত বেণ্ড দোহৰ! অনুষ্ঠানটিৰ আন এক আকৰ্ষণৰ দিশত দিব অসমৰ বিভিন্ন শিল্পী যেনে ধনদা পাঠক, জবা চক্ৰৱৰ্তী, মনমিতা ৰায়, বিদ্যাসাগৰ, প্ৰতাপ শৰ্মাকে ধৰি বহু কেইজন শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব লগতে ড° অঞ্জনমী শইকীয়াৰ নেতৃত্বত দৰ্পনৰ শিল্পী সকলে লোকনৃত্য পৰিবেশন কৰিব। এই অনুষ্ঠানটিৰ বিষয়ে ব্যতিক্ৰম মাছডোৰ সভাপতি ড০ সৌমেন ভাৰতীয়াই কয়, “আমি সঁচাকৈয়ে এই কাৰ্যসূচীত ৰাইজৰ বিপুল অংশগ্ৰহণৰ বাবে আগ্ৰহী। অঞ্চলটোৰ বিভিন্ন লোকশিল্পীৰ সজীৱ সাংস্কৃতিক অনুষ্ঠানৰ লগতে উত্তৰ-পূব ভাৰতৰ লোকসংস্কৃতিৰ সাক্ষী হ’বলৈ এই উপলক্ষে আমাৰ লগত যোগদান কৰিবলৈ আমি প্ৰত্যেককে আন্তৰিকতাৰে আদৰণি জনাইছো। অনুষ্ঠানৰ পিছতে এই উপলক্ষে বিশেষ স্মৃতিগ্ৰন্থ আৰু দিব্য ৰঞ্জন বৰাৰ “সামগ্ৰী আৰু সেৱা কৰ” শীৰ্ষক কিতাপৰ বেটুপাত মুকলি কৰা হ’ব।এই কাৰ্যসূচীত ভাৰত পৰ্যটন উত্তৰ পূৰ্বাঞ্চল, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, ডি আই পি আৰ, নেডফি, এছ বি আই, নেৰিম, নাটকোঠা, ডাটামেচন, এভ্ৰিডে ছল্ট, গেট হাস্পতাল, ইলুমিছ ক্লিনিককে ধৰি বহু বিশিষ্ট সংস্থাই সহযোগিতা আ

P&C
You might also like