Your Voice, Our Strength

বেদান্ত আগৰৱালক যুৱ উদ্যোগী বটা প্ৰদান

আজিৰ খবৰ,গুৱাহাটী, ৩১ মাৰ্চ ২০২৩:- সূৰ্য্য চিমেণ্টৰ প্ৰস্তুত কৰ্তা পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ সঞ্চালক বেদান্ত আগৰৱালাক “দ্যা নৰ্থইষ্ট লীডাৰশ্বিপ এৱাৰ্ড ” ৰ “যুৱ উদ্যোগী বটা-২০২৩” প্ৰদান কৰা হয়। চি এম অ’- এছিয়াৰ তত্বাৱধানত ৩০ মাৰ্চত গুৱাহাটীৰ ভিভান্তা তাজত আয়োজিত আঞ্চলিক বটা প্ৰদান অনুষ্ঠানত এই বটা প্ৰদান কৰা হয়। কম সময়ৰ ভিতৰত সূৰ্য্য চিমেণ্টক বজাৰত এক নতুন গতি দিয়াৰ ক্ষেত্ৰত “ডাইনামিক মেনেজমেন্ট গেম চেঞ্জাৰ ” হিচাপে পৰিগণিত হোৱাত আগৰৱালক এই বটা প্ৰদান কৰা হয়।

P&C

বেদান্ত আগৰৱালাৰ তত্বাৱধানত যোৱা এবছৰত সূৰ্য্য চিমেণ্টৰ বজাৰ বৈচিত্ৰময় আৰু দক্ষতাশীল ভাৱে এক গতি লাভ কৰিছে।

বটা গ্ৰহণ কৰি সঞ্চালক গৰাকীয়ে কয় যে- ‘এনে এটা সন্মানীয় স্বীকৃতি লাভ কৰি নিজকে অত্যন্ত সৌভাগ্যৱান অনুভৱ কৰিছো। বঁটাটো মই মোৰ দলটোক উৎসৰ্গা কৰিছো, যিয়ে আমাৰ ব্যৱসায়ত মন্থৰতাৰ প্ৰভাৱ কম কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি ব্যৱসায়ৰ ধাৰাবাহিকতা নিশ্চিত কৰে। এই অনুষ্ঠানত বিচিপিএলৰ ৰিপ হাজৰিকা, ডাউন টাউন হাস্পতালৰ ডাঃ এ বৰকোটকী , জিএনআৰচি হাস্পতালৰ এইচ আৰ স্বাগতা চক্ৰৱৰ্তীৰ লগতে আৰু ক্ৰীড়া, ফাৰ্মাচিউটিকেল উদ্যোগ, শিক্ষাকে ধৰি বিভিন্ন খণ্ডৰ খ্যাতিসম্পন্ন ব্যক্তি বিশেষ অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানত বঁটা বিজয়ীসকলক সন্মান জনোৱাৰ লগতে
বিভিন্ন ক্ষেত্ৰৰ বহু ষ্টাৰ্টআপ, প্ৰতিষ্ঠাপক আৰু নেতাক তেওঁলোকৰ কৃতিত্বৰ বাবে “দ্য এন ই লিডাৰশ্বিপ” বঁটাৰে সন্মানিত কৰা হয়।

চিএমঅ’ এছিয়াই উদ্যোগ খণ্ডসমূহৰ জ্যেষ্ঠ চিএমঅ’ আৰু ব্ৰেণ্ড নিৰ্ণায়ক সকলৰ মাজত নেতৃত্ব আৰু নেটৱৰ্কিঙৰ জৰিয়তে উচ্চ পৰ্যায়ৰ জ্ঞান বিনিময়ৰ বাবে উৎসৰ্গিত।
চিএমঅ’ এছিয়া পূৰ্ণকালীন পেছাদাৰীসকলে সংগঠিত আৰু পৰিচালনা কৰে যিয়ে বিপণন পেছাদাৰীসকলক জ্ঞান আৰু অভিজ্ঞতা বিনিময় কৰিবলৈ উৎসাহিত কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ।
এই নেটৱৰ্কৰ জৰিয়তে চিএমঅ’ এছিয়াই এছিয়াৰ উদ্যোগ খণ্ডৰ সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ মাজত উচ্চ পৰ্যায়ৰ চিন্তাশীল নেতৃত্বৰ বিজ্ঞাপন সহযোগী নেটৱৰ্কিং সৃষ্টি কৰাৰো লক্ষ্য আগত ৰাখিছে।

You might also like