
প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অসম পেট্ৰ’কেমিকেলছৰ দৈনিক ৫০০টন উৎপাদনক্ষম মিথানল প্ৰকল্প
উদ্বোধনৰ প্ৰস্তুতি সন্দৰ্ভত উদ্যোগ মন্ত্রী বিমল বড়াৰ বিভাগীয় বিষয়াৰে আলোচনা
আজিৰ খবৰ,গুৱাহাটী, ১এপ্ৰিল:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ এপ্রিলত নামৰূপত অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ ডিব্ৰুগড় জিলাৰ নামৰূপত নতুনকৈ স্হাপন কৰা দৈনিক ৫০০ টন উৎপাদনক্ষম মিথানল প্ৰকল্পটি উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এক গুৰুত্বপূর্ণ আলোচনা অনুস্থিত হয়। এই আলোচনাত উদ্যোগ বিভাগৰ সচিব ড০লক্ষ্মনণ এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিঙকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত আছিল। এই বৈঠকত উদ্বোধনী অনুষ্ঠানৰ বিষয়ে আলোচনা কৰাৰ লগতে সকলো ব্যবস্থা নিয়াৰিকৈ সম্পাদন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
উল্লেখ্য যে অসম চৰকাৰৰ অধীনত ১৯৭১ চনত স্হাপন কৰা অসম পেট্ৰ’কেমিকেলছ লিমিটেড চমূকৈ এপি এল হৈছে প্ৰাকৃতিক গেছৰ পৰা মিথানল উৎপাদন কৰা দেশৰ প্ৰথমটো কোম্পানি।
এপি এলে ২০১৭ চনত ইয়াৰ সম্প্ৰসাৰণৰ বাবে লোৱা পৰিকল্পনা অনুসৰি মুঠ ১৭০৯কোটি ব্যয়েৰে ডিব্ৰুগড় জিলাৰ নামৰূপত দৈনিক ৫০০টন আৰু বঙাইগাঁও জিলাৰ বৈতামাৰীত দৈনিক ২০০ টন মিথানল উৎপাদনৰ লক্ষ্য স্হিৰ কৰা হৈছিল। ইয়াৰে নামৰূপৰ প্ৰকল্পটি ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে আৰু কেচা মিথানল উৎপাদনৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক গেছ অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰিছে।
