Your Voice, Our Strength

কোটি টকা লাগে নেকি ? তেন্তে বাৰীত সাঁচি (অগৰ ) উদ্ভিদ ৰোপণ কৰক তিতাবৰৰ কেইজনমান যুৱকৰ বিৰল প্ৰচেষ্টা:আৰম্ভ কৰিলে উত্তৰপূবৰ প্ৰথমটো অগৰ উদ্ভিদৰ গৱেষণা কেন্দ্ৰ

আধ্যাত্মিক গুৰু পূজ্যশ্ৰী অদৃশ্য কাড়সিদ্ধেশ্বৰ স্বামীয়ে উদ্ধোধন কৰে গৱেষণা কেন্দ্ৰটো

নিউজ ডেস্ক আজিৰ খবৰ, ১৫ জুন ২০২৩ : প্ৰায় ১০ বছতকৈও অধিক সময় পৃথিৱীৰ আটাইতকৈ মূল্যবান সাঁচি (অগৰ) উদ্ভিদক তন্নতন্ন কৈ অধ্যয়ন কৰি অৱশেষত উন্নত প্ৰযুক্তিৰ অত্যাধুনিক গৱেষণা কেন্দ্ৰ স্থাপন কৰিলে যোৰহাট জিলাৰ তিতাবৰৰ কেইজনমান উদ্যমী যুৱকে । চৰকাৰলৈ কোনো অপেক্ষা নকৰি নিজৰ পুঁজিৰে সেউজ বিপ্লৱ সূচনা কৰি অত্যাধুনিক ভাৱে প্ৰস্তুত কৰিছে গৱেষণা আৰু কৃষি প্রশিক্ষণ কেন্দ্ৰ । অসম অগৰউড প্ৰচেছিং প্ৰশিক্ষণ গৱেষণা আৰু আইনী সহায় কেন্দ্ৰ (এএপিটিআৰএএলএচি) নামৰ এই ব্যক্তিগত কেন্দ্ৰটি বুধবাৰে শুভাৰম্ভ কৰে । আগৰউডৰ লগত জড়িত কৃষক আৰু অগৰু ব্যৱসায়ী মাজত উদ্ভাৱন আৰু এক উদ্যোগী পৰিৱেশ তন্ত্ৰক উৎসাহিত কৰাৰ উদ্দেশ্যে যোৰহাটৰ তিতাবৰৰ অগৰু অধ্যুষিত অঞ্চল এলেঙীত অগৰুৰ লগতে উত্তৰ পূবত প্ৰচুৰ পৰিমাণে থকা মচলাযুক্ত ঔষধি উদ্ভিদৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি গৱেষণা কেন্দ্ৰটো মুকলি কৰা হয় । । মহাৰাষ্ট্ৰৰ কোলাহপুৰৰ কানহেৰী মঠৰ মুখ্য আধ্যাত্মিক গুৰু পূজ্যশ্ৰী অদৃশ্য কাড়সিদ্ধেশ্বৰ স্বামীয়ে উদ্ধোধন কৰে এই গৱেষণা কেন্দ্ৰটো । উদ্বোধন কৰি পূজ্যশ্ৰী অদৃশ্য কাড়সিদ্ধেশ্বৰ স্বামীয়ে কয় যে এই কেন্দ্ৰটিয়ে আগৰউড (সাঁচি)ৰ ক্ষেত্ৰত উত্তৰ পূৱৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লগতে গ্ৰাম্যঅঞ্চলত অগৰ উদ্ভিদৰ প্ৰভাৱশালী অঞ্চল সমূহৰ লগতে সমগ্ৰ উত্তৰ পূৱতেই এই উদ্যোগৰ বিকাশ হ’ব ।
লগতে তেওঁ কয় যে গ্ৰাম্য-আধাৰিত আৰু প্ৰাকৃতিকভাৱে সংক্ৰমিত সাঁচি উদ্ভিদৰ ( আকুলাৰিয়া মালাকানিচিছ ) এনে প্ৰতিষ্ঠানে ভাৰতৰ উত্তৰ-পূব অংশলৈ বিদেশী ক্ৰেতাসকলক আকৰ্ষিত কৰি দেশৰ অৰ্থনীতিটো শক্তিগলী ভূমিকা পালন কৰাত সহায় কৰিব । লগতে তেওঁ বিশ্বস্তৰত ৰাষ্ট্ৰীয় আগৰউড ৰপ্তানি নীতি আৰু বিপণন ৰূপায়ণৰ বাবে বিগত ১০ বছৰে যি নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে এই ক্ষেত্ৰত সাঁচি খেতিয়ক সন্থা ( আচগা ) আৰু এপট্টালেকক প্ৰশংসা কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় আগৰউড নীতি ঘোষণা কৰা স্বত্বেও ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলে তেওঁলোকৰ বিৰল প্ৰাকৃতিক আৰু বিশ্ববিখ্যাত আগৰকাঠৰ সামগ্ৰীৰ পৰা এইপৰ্য্যন্ত বাণিজ্যিক লাভালাভ লাভ কৰা নাই।
স্বামীজীয়ে যুৱ উদ্যোগী আৰু শিক্ষাৰ্থীসকলৰ মাজত তেওঁলোকৰ নিজ নিজ অঞ্চলত আগৰকাঠৰ বাগিচাৰ বৃক্ষৰোপণ আৰু বিকাশত মনোনিবেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । যদি নিজৰ নিজৰ বাৰীত কেইজোপামান অগৰ উদ্ভিদ ৰোপণ কৰে তেন্তে সেইজন ব্যক্তি যে লাখপতিৰ পৰা কোটিপতি হব সেয়া নিশ্চিত । এনে ধৰণৰ গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰূপায়ণে দেশৰ লগতে অঞ্চলটো আৰু নিবনুৱা যুৱক সকলৰ অৰ্থনীতিৰ ভেটি বিকাশ নিশ্চিত হোৱাৰ আশা প্রকাশ কৰিছে আগৰ গৱেষণা প্ৰতিষ্ঠানটোৰ মুখ্য সদস্য বিকাশ বৰাই । মুখ্য টেকনো বাণিজ্যিক উপদেষ্টা তথা প্ৰাক্তন এনআৰডিচি অধ্যক্ষ সোমনাথ ঘোষে চিএছআইআৰ-এনইআইএছটি যোৰহাটৰ সহযোগত বিগত কেইবছত এপট্ৰালেকৰ গৱেষণা আৰু বিকাশত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰেই আপট্ৰালাকে আগৰউডৰ নতুন সামগ্ৰী বিকশিত কৰিবলৈ নতুন দুৱাৰ মুকলি কৰিবলৈ সক্ষম হ’ব বুলি সদৰি কৰে ।বিশিষ্ট সমাজকৰ্মী ধন বাহাদুৰ চেট্ৰিয়ে অসমত আগৰউড ব্যৱসায়ৰ বিকাশ বৃদ্ধি কৰিবলৈ অধিক গৱেষণা আৰু যুৱ প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । উদ্বোধনী অনুষ্ঠানত সাঁচী (আগৰ) উৎপাদক সংস্থাৰ কাৰিকৰী বিশেষজ্ঞ প্ৰাচুৰ্য বৰা, আচগাৰ সক্ৰিয় সদস্য বিকাশ বৰা, চন্দন কলিতা, ৰাজীৱ শইকীয়া ,মহেন্দ্ৰ শইকীয়া আৰু জিতেন্দ্ৰ নাথ বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

You might also like