Your Voice, Our Strength

এইচ ডি এফ চি বেংক পৰিৱৰ্তনে অসমত ১০ খন বিচনাযুক্ত আই চি ইউৰ সুবিধা মুকলি কৰে

নিউজ ডেস্ক আজিৰ খবৰ গুৱাহাটী, ২৮ জুন: ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে নিজৰ চি এছ আৰ ব্ৰেণ্ড পৰিৱৰ্তনৰ অধীনত সোমবাৰে অসমৰ গুৱাহাটীত ১০খন বিছনাযুক্ত আই চি ইউৰ সুবিধা মুকলি কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উচ্চমানৰ চিকিৎসা সঁজুলিৰে সজ্জিত আই চি ইউ উদ্বোধন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।এই পদক্ষেপত এইচ ডি এফ চি বেংকে কৰুণা ট্ৰাষ্ট আৰু ই-গ’ভ ফাউণ্ডেশ্যনৰ সৈতে অংশীদাৰিত্ব কৰিছে। ১০খন বিছনাযুক্ত আই চি ইউৰ উদ্দেশ্য স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু লক্ষ্যতকৈ অতিৰিক্ত সামৰ্থ্য প্ৰদান কৰা।এতিয়ালৈকে আৰম্ভ কৰা প্ৰতি ১০খন বিচনাযুক্ত আই চি ইউৰ সুবিধাত হেমিল্টন ভেণ্টিলেটৰ, অক্সিজেন চিলিণ্ডাৰ, আই চি ইউৰ বিচনা, এক্স-ৰে মেচিন, ইচিজি মেচিন, এ বি জি এনালাইজাৰ, ডিফিব্ৰিলেটৰ, আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ সম্পূৰ্ণৰূপে সজ্জিত কৰা হৈছে। এইচডিএফচি বেংকৰ চি এছ আৰ এণ্ড ই এছ জিৰ মুৰব্বী শ্ৰীমতী নুছৰত পাথানে কয় যে- “স্বাস্থ্যসেৱা, পৰিৱৰ্তনৰ এটা মূল কেন্দ্ৰবিন্দু আৰু আমি সকলোকে বিশ্বমানৰ স্বাস্থ্যসেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে দেশৰ দূৰণিবটীয়া অঞ্চলটো সুলভ চিকিৎসাৰ সা-সুবিধা প্ৰদানৰ কল্পনা কৰা হৈছে ১০খন বিছনাযুক্ত আই চি ইউ প্ৰকল্পৰ জৰিয়তে।আমাৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ত কাম কৰা আৰু স্থানীয় জনগোষ্ঠীসমূহৰ জীৱনত পৰিৱৰ্তন অনা। এই পদক্ষেপত কৰুনা ট্ৰাষ্ট আৰু ই-গ’ভ ফাউণ্ডেশ্যনৰ সৈতে অংশীদাৰিত্ব কৰি আমি আনন্দিত বুলিও এইচডিএফচি বেংকৰ চি এছ আৰ এণ্ড ই এছ জিৰ মুৰব্বী গৰাকীয়ে উল্লেখউল্লেখ কৰে।২০২২ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে এইচ ডি এফ চি বেংক দেশৰ শীৰ্ষ চি এছ আৰ ব্যয়কাৰীৰ ভিতৰত আছিল।২০২২ চনৰ ৩১ মাৰ্চলৈকে বেংকে চি এছ আৰ পদক্ষেপত ৭৩৬.০১ কোটি টকা ব্যয় কৰিছিল। বেংকটোৱে ৯.৮ কোটিতকৈ অধিক হিতাধিকাৰীৰ কাষ চাপি নিজৰ প্ৰভাৱো বৃদ্ধি কৰে বুলিও শ্ৰীমতী পাথানে উল্লেখ কৰে।

You might also like