Your Voice, Our Strength

এন আৰ এলৰ বহনক্ষম সামগ্ৰীৰ বিকাশৰ বাবে আই আই টি, গুৱাহাটীৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ

আজিৰ খবৰ, গুৱাহাটী, ৭ ছেপ্টেম্বৰ, ২০২৩: নুমলীগড় শোধনাগাৰ লিমিটেডে (এন আৰ এল) অনুসন্ধান আৰু বিকাশৰ পদক্ষেপৰ অংশ হিচাপে বাঁহৰ ধূলিৰ পৰা মার্কেটেবল গ্ৰেড গ্ৰীণ এক্টিভেটেড কাৰ্বন উৎপাদনৰ প্ৰযুক্তি বিকাশৰ বাবে ৩০ আগষ্টত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি), গুৱাহাটীৰ সৈতে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এন আৰ এলৰ জে ভি কোম্পানী অসম বায়’-ৰিফাইনেৰী প্রাইভেট লিমিটেডৰ জৰিয়তে স্থাপন কৰা ২য় প্রজন্মৰ বায়’ ৰিফাইনেৰীৰ বাবে বাঁহৰ চিপ প্রস্তুত কৰাৰ সময়ত বাঁহৰ ধূলি উৎপন্ন হ’ব। প্রকল্পটোৰ অংশ হিচাপে বাঁহৰ ধূলি পাইৰ’লাইজ কৰি সেউজ সক্ৰিয় কাৰ্বন উৎপাদন কৰিবলৈ ৫ মেট্ৰিক টন/ বেচ ক্ষমতাৰ এটা উদ্যোগ স্থাপন কৰা হ’ব। এই অনুসন্ধান আৰু বিকাশ প্রকল্পৰ লক্ষ্য হৈছে ঔষধ, ইলেক্ট্ৰ’নিকছ আৰু খনি উদ্যোগত প্রয়োগ হোৱা অতি উচ্চ গ্ৰেডৰ ৰাসায়নিকভাৱে সক্ৰিয় কাৰ্বন উৎপাদনৰ বাবে প্রযুক্তিৰ বিকাশ কৰা।

এই চুক্তিত এন আৰ এলৰ হৈ জ্যেষ্ঠ মুখ্য মহাপ্রবন্ধক (ক’টৰেট এফায়াৰ্ছ) নিকুঞ্জ বৰঠাকুৰ আৰু আই আই টি গুৱাহাটীৰ হৈ ডীন আই আই এছ আই ৰ অধ্যাপক জি কৃষ্ণমূৰ্তিয়ে স্বাক্ষৰ কৰে।বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা এই অনুষ্ঠানত এন আৰ‌এলৰ সঞ্চালক (বিত্ত) সঞ্জয় চৌধুৰী, আই আই টি জিৰ অধ্যাপক সেনথিলমুৰুগন চুৰিয়াহ আৰু এন আৰ এল আৰু আই আই টি গুৱাহাটীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই প্ৰকল্পই ইণ্ডাষ্ট্ৰী একাডেমী সহযোগিতা হিচাপে প্ৰাসংগিক তথ্য আৰু তথ্য বিনিময়ৰ ব্যৱস্থাৰ জৰিয়তে এন আৰ এল‌ আৰু আই আই টি গুৱাহাটী উভয়ৰে সামৰ্থ্য বৃদ্ধি কৰিব।

P&C
You might also like