Your Voice, Our Strength

অসমৰ পয়ালগা স্বাস্থ্য খণ্ডয়ে মানৱ অধিকাৰ উলঙ্ঘন কৰিছে :: ডঃ দিব্যজ্যোতি শইকীয়া

আজিৰ খবৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: পূৰ্বৰ তুলনাত অসমত সৰ্প দংশনৰ ঘটনা আৰু হৃদৰোগ ব্যাপক ভাবে বৃদ্ধি হৈছে। আন আন স্বাস্থ্যজণিত জৰুৰীকালীন সেৱাৰ লগতে এই দুয়োটা ৰোগ বা ঘটনা জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ অন্তৰ্গত হোৱা উচিত তথা বিবেচনা কৰা প্ৰয়োজন। কিন্তু দেশৰ স্বধীনতাৰ পইসত্তৰ বছৰ পিছতো অসমৰ স্বাস্থ্য খণ্ডৰ এনে পয়ালগা তথা শোচনীয় অৱস্থা। এই সন্দৰ্ভত কালি আৰু আজি দেশৰ বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা,ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই গহপুৰ অসামৰিক চিকিৎসালয়,বিশ্বনাথ অসামৰিক চিকিৎসালয় তেজপুৰ চিকিৎসা মহাবিদ্যালয় আদি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কেওখন চিকিৎসালয়ৰ সোপা ঢিলা ব্যৱস্থাক তীক্ষ্ণভাৱে সমালোচনা কৰে। ডঃ শইকীয়াই গহপুৰ অসামৰিক চিকিৎসালয়ত ৩০টা এন্টি স্নেক ভেনম পতক্ষ কৰে যদিও চিকিৎসালয়ৰ কৰ্তৃপক্ষই ডঃ শইকীয়াক অৱগত কৰে যে উক্ত চিকিৎসালয়ত আজিলৈকে কোনো সৰ্প দংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰা হোৱা নাই। কাৰণ উপযুক্ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱ।

ইফালে বিশ্বনাথ অসামৰিক চিকিৎসালয় পৰিদৰ্শনকালত ডঃ দিব্যজ্যোতি শইকীয়া এক নাভূট নাশ্ৰুত পৰিস্থিতিৰ সন্মুখীন হয় । বিশ্বনাথ মহকুমা চিকিৎসালয়ৰ ডাঃ জোনালী গৈগয়ে অসমত বিষধৰ সাপ নায়েই বুলি অদ্ভুত যুক্তি দৰ্শায়। কতিপক্ষৰ মুখত এনে হাস্যকৰ টুলুঙা মন্তব্যত ডঃ শইকীয়া আচম্বিত হয়। অসমৰ প্ৰায় প্ৰতিখন চিকিৎসালয়ৰ কেৱল মাত্ৰ ৰেফাৰ মানসিকতাৰ হতাশজনক প্ৰতিছবি। আজি পুৱাৰ ভাগত বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া উপস্থিত হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তেওঁ হতস্তম্ভ হয়। কাৰণ যিসমূহ চিকিৎসালয়ে এনে ধৰণৰ বৃহৎ বৃহৎ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে তেনে চিকিৎসা মহাবিদ্যালয়ত নাই কোনো হৃদৰোগ বিশেষজ্ঞ নাই সৰ্প দংশনৰ ওপৰত পাৰদৰ্শিতা থকা কোনো প্ৰশিক্ষনপ্ৰাপ্ত চিকিসক তথা চিকিৎসাকৰ্মী। কেৱল দুখন বিছনাৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চলাই আহিছে সৰ্প দংশনৰ দৰে জৰুৰীকালীন চিকিৎসা ব্যৱস্থা। সমগ্ৰ বিষয়ৰ ওপৰত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সাধাৰণ নাগৰিকৰ প্ৰতি কৰা এনে অৱহেলাক চূড়ান্ত ভাবে মৌলিক অধিকাৰ তথা মানৱ অধিকাৰ উলঙ্ঘন কৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ শীঘ্ৰে অসমৰ স্বাস্থ্য খণ্ডক বিল্ডিংমুখী নহৈ সাধাৰণ নাগৰিকৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

P&C
You might also like