
নিউজ ডেস্ক গুৱাহাটী ,৬ অক্টোবৰ : মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত ২৯ আৰু ৩০ ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত’অল ইণ্ডিয়া ফেডাৰেচন অফ মাষ্টাৰ প্ৰিণ্টাৰ্চ’ৰ ২৬২ সংখ্যক গভৰ্ণিং কাউন্সিল আৰু লগতে ৭০ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। এই অধিৱেশনত ফেডাৰেচনৰ সৰ্বভাৰতীয় ভিত্তিত হোৱা নিৰ্বাচনত অসমৰ বিশিষ্ট ছপাশাল উদ্যোগী ৰাঘবেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয়। ইয়াৰ আগতেও অসমৰ দুগৰাকী প্ৰতিষ্ঠিত ছপাশাল উদ্যোগীয়ে এই সন্মান লাভ কৰিছিল। তেওঁলোক হৈছে প্ৰয়াত ৰমেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা আৰু বৰ্তমানৰ ‘সদৌ অসম ছপাশাল স্বত্বধিকাৰী সংস্থা’ৰ সভাপতি দিব্যজ্যোতি কলিতা । এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব যে সভাপতি পদটোৰ বাবে ফেডাৰেচনৰ সংবিধান অনুযায়ী চাৰিটা অঞ্চল (zone)-ত ভাগ কৰা হৈছে। পুব, উত্তৰ, পশ্চিম আৰু দক্ষিণ। এইবাৰ পুবৰ সুযোগ আছিল। পুবৰ আন কোনো এখন ৰাজ্যৰ পৰা প্ৰাৰ্থী নিদিয়া বাবে দত্তবৰুৱা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত হয়। তাৰোপৰি বৰ্তমান সময়ত মণিপুৰৰ আইন-শৃংখলা অতি বেয়া যদিও মণিপুৰৰ পৰা সূৰ্জিত সিং বিনা প্ৰতিদ্বন্দ্বিতাৰে উপ সভাপতি ( পূব ) নিৰ্বাচিত হয়। সভাপতিৰ ক্ষেত্ৰত যিটো নিয়ম উপ সভাপতিৰ বাবেও সেই একেটা নিয়ম। অৰ্থাৎ সভাপতি পদটো এটা বাকী প্ৰতেকটো অঞ্চল (zone)-ৰ পৰা এজনকৈ উপ সভাপতি নিৰ্বাচিত হয়। তাৰোপৰি এগৰকী যুটীয়া সম্পাদক, এগৰাকী সম্পাদক আৰু এগৰাকী ধন ভৰলী থাকে। সদ্য প্ৰাক্তন সভাপতি গৰাকী নতুন কমিটিৰ সৈতে পদেন সদস্য হিচাপেও দায়িত্বত থাকে। উল্লেখযোগ্য যে ‘কভিড’ কালচোৱাৰ পিচত দেশজুৰি বৰ্তমান ছপাশাল উদ্যোগৰ অবস্থা আটাইতকৈ বেচি শোচনীয়। ভাৰত চৰকাৰৰেই হওক বা অসম চৰকাৰৰেই হওক, ছপা কামবোৰ ডিজিটেল হোৱা বাবে যথেষ্ট কামৰ নাটনি হৈছে। ইতিমধ্যে বহু ডাঙৰ-সৰু ছপাশালে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰাত, কেইবাজনো স্বত্বাধিকাৰে ইতিমধ্যে আত্মহত্যা কৰিব লগা হৈছে। গতিকে দত্তবৰুৱাৰ বাবে সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। এনে পৰিস্থিতিত তেওঁ সংগঠনটো কেনেকৈ আগবঢ়াই নিয়ে, সেইটোহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
