Your Voice, Our Strength

আজি ধানোৱা আৰু কালাপানী গাওঁ পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিশেষ কাৰ্যসূচী :: পৰীক্ষণমুলকভাৱে ড্ৰোণৰ জৰিয়তে খেতি পথাৰত ৰাসায়নিক দ্ৰব্যৰ স্প্ৰে প্ৰদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত চুটি ছবিৰ মাধ্যমেৰে সৰ্বসাধাৰণ ৰাইজক অৱগত

আজিৰ খবৰ, হাটশিঙিমাৰী, ২৯ নৱেম্বৰ, ২০২৩: সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো বিগত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা আজি সুন্দৰভাৱে আয়োজন কৰা হয় ধানোৱা আৰু কালাপানী গাওঁ পঞ্চায়তত । আজি অৰ্থাৎ ২৯ নৱেম্বৰ বুধবাৰে মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ ধানোৱা আৰু কালাপানী গাওঁ পঞ্চায়তত আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিশেষ অনুষ্ঠান আয়োজন কৰা হয়।

P&C

গাওঁ পঞ্চায়ত দুটাৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত কাৰ্যসূচীত বিশেষ ভ্ৰাম্যমান বাহনৰ জৰিয়তে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সৰ্বসাধাৰণ ৰাইজক কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত গ্ৰহণ কৰি উন্নয়নমূলক আঁচনি সন্দৰ্ভত এক চুটি ছবিৰ মাধ্যমেৰে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰে। লগতে কেনেদৰে ড্ৰোণৰ জৰিয়তে খেতি পথাৰত ৰাসায়নিক দ্ৰব্য অতি কম সময়ৰ ভিতৰতে সঠিকমাত্ৰাত সুন্দৰকৈ স্প্ৰে কৰি অধিক ফচল উৎপাদন কৰিব পাৰি সেয়া পৰীক্ষণমুলক ভাৱে প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত বিভিন্ন বিভাগৰ বিষয়া সকলে নিজ নিজ বিভাগৰ চৰকাৰী আঁচনি সমূহৰ বিষয়ে উপস্থিত ৰাইজক বিস্তৃতভাৱে অৱগত কৰে। লগতে প্ৰতিটো বিভাগৰ সফল হিতাধিকাৰীসকলৰ সফলতাৰ কাহিনী সাধাৰণ ৰাইজৰ আগত বিভাগীয় বিষয়াৰ উপস্থিতত হিতাধিকাৰীসকলে নিজমুখে সৰ্বসাধাৰণ ৰাইজক সুন্দৰকৈ অৱগত কৰে। এই অনুষ্ঠানত থিতাতে স্বাস্থ্য পৰীক্ষা, আয়ষ্মান কাৰ্ডৰ বাবে তথ্য নথিভূক্তকৰণ আৰু ৰেচন কাৰ্ডৰ বাবে অনলাইনত আবেদন আদি প্ৰক্ৰিয়া সম্পন্ন কৰে । জিলাখনৰ ফেকামাৰী, মানকাচৰ আৰু দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অধীনত থকা মুঠ ৩৫ টা গাওঁ পঞ্চায়তৰ ভিতৰত আজিলৈ ১৬ টা গাওঁ পঞ্চায়তত এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সম্পন্ন হয় ।

জিলাখনত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী পঞ্চায়তে পঞ্চায়তে কৰি অহা হৈছে বুলি উক্ত কাৰ্যসূচীত উপস্থিত থকা হাটশিঙিমাৰী জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ইমতিয়াজ মণ্ডলে জানিবলৈ দিছে।আজি উক্ত অনুষ্ঠানত উপস্থিত থাকে সহকাৰী আয়ুক্ত দৈথুন উৱাৰী, জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ইমতিয়াজ মণ্ডল, জিলা কৃষি বিষয়া মাইনুল হক, কৃষি উন্নয়ন বিষয়া মিঠু গগৈ, মিডিয়া বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মা, মীন উন্নয়ন বিষয়া, স্বাস্থ্য বিষয়া,উক্ত গাওঁ পঞ্চায়তৰ সভাপতি, সদস্যকে ধৰি বিভিন্ন বিভাগ বিষয়া কৰ্মচাৰীসকল।

You might also like