Your Voice, Our Strength

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰে যোৰহাটৰ হোলোঙাপাৰত লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ শৌৰ্যৰ সুবিশাল প্ৰতিমূৰ্তি

 

নিউজ ডেস্ক আজিৰ খবৰ,যোৰহাট,: দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৰহাটৰ মেলেংৰ হোলোঙাপাৰস্থিত মহাবীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিৰ উন্মোচন কৰে ।ভাৰত বুৰঞ্জীৰ পৃষ্ঠাত স্বৰ্ণিল আখৰেৰে লিখিত মহান অসমীয়া লাচিত বৰফুকন শৌৰ্য আৰু বীৰত্বৰ অম্লান প্ৰতীক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ “শৌৰ্যৰ প্ৰতিমূৰ্তি” উন্মোচন কৰি বীৰ লাচিত বৰফুকনৰ বলিদানৰ কথা স্মৰণ কৰে । এই মহান কৰ্মৰ সফল সমাপণে লাচিত বৰফুকনৰ সাহস আৰু দেশপ্ৰেমৰ নিদৰ্শনক বিশ্বজুৰি প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰাৰ লগতে নৱপ্ৰজন্মক দেশপ্ৰেমৰ বাবে অনুপ্ৰাণিত কৰিব৷। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ হোলোঙাপাৰস্থিত মেতেলি পথাৰৰ এক বিশাল জনসভাত সম্বোধন কৰি প্ৰায় ১৭,০০০ কোটি টকাৰ প্ৰকল্প অসমৰ ৰাইজলৈ উৎসৰ্গা কৰে প্ৰধান মন্ত্ৰীয়ে । এই জনসভাতে ৫,৫৫,৫৫৫ টাতকৈও অধিক প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ হিতাধিকাৰীয়ে একেলগে আপোন ঘৰখনত ‘গৃহ প্ৰৱে’ কৰিবলগীয়া অনুষ্ঠানৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰাৰ লগতে কেইবাহাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গা কৰে ।

 

P&C

You might also like