Your Voice, Our Strength

সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্য্যালয় প্ৰাংগনতো “পিএম-কিষাণ সন্মিলন” ৰ “Live Webcast” অনুষ্ঠান

ঝাওডাংগা কৃষি উন্নয়ন চক্ৰ কাৰ্যালয় আৰু দক্ষিণ শালমাৰা কৃষি উন্নয়ন চক্ৰৰ কাৰ্যালয়তো আয়োজন কৰা হৈছে “Live Webcast” অনুষ্ঠানৰ বিশেষ কাৰ্যসূচী

আজিৰ খবৰ, হাটশিঙিমাৰী, ১৭ জুন, ২০২৪: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুন, ২০২৪ তাৰিখ মংগলবাৰে “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” (PM-KISAN) আঁচনিৰ অধীনৰ হিতাধিকাৰী কৃষক ৰাইজলৈ উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত “পিএম-কিষাণ সন্মিলন” অনুষ্ঠানৰ জৰিয়তে ১৭ নং কিস্তিৰ ধন প্ৰদান কৰিব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেশজুৰি উদযাপন হোৱা “পিএম-কিষাণ উৎসৱ দিৱস” (PM KISAN Utsav Diwas) উপলক্ষে সম্পূৰ্ণৰূপে সাজু দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়। “পিএম-কিষাণ উৎসৱ দিৱস” (PM KISAN Utsav Diwas) উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহৰ লগতে, ঝাওডাংগা কৃষি উন্নয়ন চক্ৰ কাৰ্যালয় আৰু দক্ষিণ শালমাৰা কৃষি উন্নয়ন চক্ৰৰ কাৰ্যালয়তো আয়োজন কৰা হৈছে “Live Webcast” অনুষ্ঠানৰ বিশেষ কাৰ্যসূচী ।

সেয়েহে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে হিতাধিকাৰী কৃষক ৰাইজলৈ অনুদান বিতৰণ কৰিবলগীয়া এই কাৰ্যসূচী উপলক্ষে উক্ত দিনা বিয়লি ৪ বজাত উল্লেখিত স্থানত অনুষ্ঠিত হ’বলগীয়া “Live Webcast” অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জিলাখনৰ প্ৰতিজন কৃষক ৰাইজক জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে ।

P&C

http://HTTPS://PMINDIANWEBCAST.NIC.IN/  তদুপৰি, এই ৱেবকাষ্ট লিংকৰ জৰিয়তেও আপোনালোকে অনুষ্ঠানত অংশ ল’ব পৰিব।

You might also like