Your Voice, Our Strength

শ শ কোটি টকা সংগ্ৰহ কৰা বিকাশ ফুকন আৰক্ষীৰ জালত

 

নিউজ ডেস্ক ডিব্ৰুগড়: বিনিয়োগকাৰীৰ ধনেৰে বিলাসী জীৱন কটোৱা বিশাল ফুকনক আটক । ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা  বিশাল ফুকন  পৰিল আৰক্ষীৰ জালত  । অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে বিশাল ফুকনক। ষ্টক মাৰ্কেটত ডিব্ৰুগড়ৰ যুৱক বিশাল ফুকনে কেইবাশ কোটি টকা সংগ্ৰহৰ অভিযোগ উঠিছিল ।

P&C

অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ যুৱকজনে নটাৰী যোগে বিভিন্নজনৰ সৈতে চুক্তি কৰি ব্যক্তিগত একাউণ্টত ধন সংগ্ৰহ কৰে। সেই ধন তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰে বুলি জনায়।
নটাৰীৰ চুক্তি কৰি  ৬০ টা কৰ্ম দিনৰ বাবে তেওঁ নূন্যতম ৩০ শতাংশ লাভাংশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিনিয়োগকাৰীক।
কিন্তু   লাভাংশৰহে কিছু অংশ ঘূৰাই দিছে যদিও বিশাল ফুকনে  বিনিয়োগকাৰীক মূলধন এতিয়ালৈকে ঘূৰাই দিয়া নাই । তাৎপৰ্য যে  বিনিয়োগকাৰীৰ ধনেৰে তেওঁ নিজাকৈ চাৰিটা কোম্পানী খুলি ক্ৰয় কৰিছে এখনৰ পিছত এখনকৈ বিলাসী বাহন। । বিনোযোকাৰীৰ ধনেৰে কটাইছে  বিলাসী জীৱন  ।  মন গ’লেই কৰিছে বিদেশৰ বিলাস ভ্ৰমণ,  আনকি পাতি লোৱা বায়েকৰ ডেষ্টিনেচন ৱেডিঙৰ নামতো বিশাল ফুকন নামৰ এই যুৱকজনে কোটি কোটি টকা খৰচ কৰা বুলিও এক  চৰ্চা হৈছে।

২২ বছৰীয়া বিশাল ফুকনে ২০২০ চনৰ পৰাই শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ বাবে এইদৰে উজনি অসমৰ বিভিন্ন লোকৰ পৰা বেআইনী ভাৱে ধন সংগ্ৰহ কৰি আহিছে। বিশালৰ এই কাৰ্যকলাপক সন্দেহ হৈছিল আৰক্ষীৰ । ডিব্ৰুগড়ৰ টাউনৰ প্ৰবাঞ্জলী এপাৰ্টমেণ্টত থকা বিশালৰ ৫০৩ নম্বৰ ফ্লেটত আৰক্ষীয়ে প্ৰায় ৪ ঘণ্টা ধৰি অভিযান চলাইছিল। ইয়াৰ পিছতে আৰক্ষীয়ে বিশালক আটক কৰিছে ।

You might also like