তিতাবৰৰ সাঁচি খেতিয়ক বিশিষ্ট অধিবক্তা বিকাশ বৰালৈ ‘ভাৰত গৌৰৱ বঁটা’
নিউজ ডেস্ক আজিৰ খবৰ,”তিতাবৰ,১৩ ডিচেম্বৰ: অসমৰ সাঁচি ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত তিতাবৰৰ বিশিষ্ট সাঁচি খেতিয়ক তথা অধিবক্তা বিকাশ বৰালৈ ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা । কৰ্ণাটকৰ ভাৰত বিকাশ সংগমে ঘোষণা কৰিছে এই বিশেষ সন্মানৰ কথা । তিতাবৰৰ এলেঙী অঞ্চলৰ সাঁচি খেতিয়ক তথা সদৌ সাঁচি খেতিয়ক সন্থা অসম চমুকৈ ‘আচাগা’ৰ প্ৰতিষ্ঠাপক, সমাজকৰ্মী অধিবক্তা বিকাশ বৰাক ভাৰত বিকাশ সংগমে ২০২৫ বৰ্ষৰ ‘ভাৰত গৌৰৱ’বঁটাৰ বাবে নিৰ্বাচিত কৰিছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম বৃহৎ অনুষ্ঠান ভাৰত বিকাশ সংগমৰ উদ্যোগত ২৯ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ কৰ্ণাটকৰ কালাবুৰাজিত অনুষ্ঠিত হ’ব লগা ভাৰতীয় সংস্কৃতিক উৎসৱৰ এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত বিকাশ বৰাক প্ৰদান কৰা হব এই বিশেষ বঁটা ।উল্লেখ্য যে ২০১৫ চনৰ পৰা অসমৰ সাঁচি ক্ষেত্ৰখনত উদ্ভৱ হোৱা বিভিন্ন বাধাৰ মাজত অহৰহ কৰি অহা ইতিবাচক কৰ্মৰাজিৰ বাবে বিকাশ বৰালৈ আগবঢ়াইছে এই বিশেষ সন্মান । অসম তথা উত্তৰ পূৱৰ অতি মূল্যবান উদ্ভিদ সাঁচি (অগৰ) ক্ষেত্ৰখনক লৈ বিকাশ বৰাৰ নেতৃত্বত আচগাৰ জৰিয়তে সাঁচি উদ্ভিদৰ প্ৰচাৰ ,প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ বাবে এক দীঘলীয়া যাত্ৰাৰে সংগ্ৰাম চলাই আহিছে । চৰকাৰৰ লগত সহযোগিতা আগবঢ়ায় সাঁচি খেতি অথবা সাঁচি ব্যৱসায়ৰ বাবে নতুন নীতি প্ৰবৰ্তন কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চিনাকি কৰাই সাঁচি উত্তৰণৰ বাবে বিভিন্ন সময়ত মাত মাতি আহিছে এই গৰাকী খেতিয়ক তথা সমাজকৰ্মী বিকাশ বৰাই । তদুপৰি বৈধ সাঁচি নীতি ,আন্তঃৰাষ্ট্ৰীয় সাঁচি ব্যৱসায় আৰু গৱেষণাৰ লগতে অসম তথা উত্তৰ পূৱৰ সাঁচি খেতিয়কৰ মাজত শিক্ষণ আৰু শিকনৰ বহু কৰ্মশালা আৰু প্ৰশিক্ষণৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কাম কৰি অহাৰ লগতে অসমৰ সাঁচি ক্ষেত্ৰখনক আগবঢ়ায় নিবলৈ বিভিন্ন দেশৰ খেতিয়ককৰ সৈতেও বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত ভাগ লোৱাৰ সুবিধা লাভ কৰিছে এই গৰাকী সাঁচি খেতিয়কে । অসমৰ মূল্যবান সাঁচিক ভিয়েটনাম, শ্ৰীলংকা, নেপাল,আদিৰ দেশক অসমৰ উচ্চ মানদণ্ড সম্পন্ন সাঁচি খেতিক পৰিচয় কৰাই বিভিন্ন দেশত সমাদৰ লাভ কৰি আহিছে বিকাশ বৰাই । ভাৰত গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱা বিকাশ বৰাক ইন্সপিৰেশ্বনৰ লগতে তিতাবৰৰ বিভিন্ন দল সংগঠনে জনাইছে শুভেচ্ছা ।