Your Voice, Our Strength

ভাৰত গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱা তিতাবৰৰ সাঁচি খেতিয়ম বিকাশ বৰাক মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা

(মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা আচগাৰ)

 

অসমৰ এজন সাঁচি খেতিয়কৰ কৰ্মৰাজিক প্ৰশংসা কৰি শুভেচ্ছা জনাইছে  মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই । তিতাবৰৰ এজন শিক্ষিত আদৰ্শ সাঁচি খেতিয়ক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ‘ভাৰত গৌৰৱ’ বঁটা৷ এই সন্মানীয় বঁটা ঘোষণা কৰাৰ পাছতই অসমৰ জনপ্ৰিয় তথা অতি বলিষ্ঠ ভাৱে সুদক্ষ নেতৃত্ব,আৰু দূৰদৰ্শী চিন্তা-চেতনাৰে অসমৰ উন্নয়নৰ নিৰ্মাণ সাঁকো গঢ়োতা মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই বিকাশ বৰাৰ এই ভাল খবৰটো সামাজিক মাধ্যমৰ জৰিয়তে অসমবাসীক জনাই মুখ্যমন্ত্ৰীৰ নিজৰ ফেচবুক পোষ্টৰ যোগেদি শুভেচ্ছা জনাইছে । জনসাধাৰণৰ কল্যাণৰঅৰ্থে বিভিন্ন যুগান্তকাৰী সিদ্ধান্তকে ধৰি চৰকাৰ খনে বহু সফল পদক্ষেপ গ্ৰহণ কৰি অসম খনক নতুন ৰূপেৰে সজোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই অহৰহ চেষ্টা চলাই আহিছে । মুখ্যমন্ত্ৰীয়ে ভাৰত গৌৰৱ বঁটা পাবলৈ সক্ষম হোৱা তিতাবৰৰ বিকাশ বৰাক শুভেচ্ছা দি মাননীয় মুখ্যমন্ত্ৰীয়ে লিখিছে –৷ সাঁচি খেতিয়কসকলৰ বাবে এক আদৰ্শৰ নাম তিতাবৰ এলেঙী নিবাসী সাঁচি খেতিয়ক তথা সদৌ সাঁচি খেতিয়ক সন্থা, অসম প্ৰতিষ্ঠাপক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ‘ভাৰত গৌৰৱ’ বঁটা৷ ভাৰত বিকাশ সংগম নামৰ ৰাষ্ট্ৰীয় সংস্থাই প্ৰদান কৰিছে এই বঁটা৷ কৰ্ণাটকত ৫ ফেব্ৰুৱাৰীত অসম সন্তান শ্ৰীবিকাশ বৰাক এই বঁটা প্ৰদান কৰা হ’ব৷ অসমৰ সাঁচিক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ তেখেতৰ নেতৃত্বত এটি দলে এই কৰ্মৰাজি কৰি গৈছে৷ আমাৰ দ্বৈত ইঞ্জিন চৰকাৰে যি সাঁচি নীতি প্ৰণয়ন কৰিছে সেই আধাৰতে তেখেতে এই সুন্দৰ পদক্ষেপটি আগুৱাই লৈ গৈছে৷ এই সাঁচি নীতিৰ জৰিয়তে নৱপ্ৰজন্মৰ নিবনুৱা সমস্যাক কিছু হ’লেও হ্ৰাস কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ৷ এই ক্ষেত্ৰখনত তেখেতে আন দহজনকো দিছে কৰ্ম সংস্থাপন৷অনুষ্ঠানটোৱে ভাৰতৰ গ্ৰামীণ পৰ্যায়ত যিসকল লোকে প্ৰকৃতিৰ লগত কাম কৰি আহিছে তেখেতসকলক চিনাক্ত কৰি বাছনি কৰা হৈছে বিকাশ বৰাক৷ অসমৰ নাম উজলোৱা শ্ৰীবিকাশ বৰালৈ আমি জনালোঁ আন্তৰিক অভিনন্দন।
মুখ্যমন্ত্ৰীৰ এনেবোৰ দূৰদৰ্শী চিন্তাৰ বাবে সদৌ সাঁচি খেতিয়ক সংখা অসমৰ চমুকৈ ( আচগা ) পৰিয়ালৰ হৈ অসমৰ জনপ্ৰিয় আৰু সুদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনালোঁ কৃতজ্ঞতা ।আগন্তুক দিনত আচগাৰ কৰ্মৰাজিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত মুখ্যমন্ত্ৰীৰ অনুপ্ৰেৰণামূলক শুভেচ্ছা বৰ্তাই এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আমি গভীৰ বিশ্বাসী আৰু আশাবাদী । আগন্তুক দিনবোৰতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সবল নেতৃত্বত চৰকাৰখনে জনতা জনাৰ্দন সপক্ষে এনেধৰণৰ তৎপৰতা আৰু সক্ৰিয়তাৰে প্রতিটো ক্ষেত্ৰতে উন্নয়নৰ স্বাৰ্থত নিঃস্বার্থ ভাৱে ৰাইজক সেৱা কৰি অসমখনক সমগ্ৰ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন সেই সপোনত বাস্তৱত পৰিণত হওঁক আৰু দুৰন্ত যাত্ৰা অব্যাহত ৰাখি তেখেতে যাতে অসমক সমৃদ্ধিৰ শিখৰত উপনীত কৰিব পাৰে, তাৰ বাবে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ

P&C

Chandan Kalita (প্ৰচাৰ সচিব (আচগা)
সদৌ সাঁচি খেতিয়ক সংস্থা, অসম (আচগা)
All Sanchi (Agar)Growers Associations of Assam
6000699907

 

You might also like