
লখিমপুৰত প্ৰাক্তন সতীৰ্থ সন্মিলনৰ নামত ময়মতালিৰ অভিযোগ
নিউজ ডেস্ক গুৱাহাটী ,১৮ জানুৱাৰী : লখিমপুৰৰ ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰাক্তন সতীৰ্থ সন্মিলন ।১৯৬১ চনত লখিমপুৰ জিলাৰ বৰ্তমানৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত প্ৰতিষ্ঠিত উক্ত বিদ্যালয়ত অনুষ্ঠিত প্ৰাক্তন সতীৰ্থ সন্মিলত প্ৰাক্তন ছাত্ৰ আৰু সচেতন ব্যক্তিয়ে উত্থাপন কৰা বিভিন্ন অনিয়ম তথা অভিযোগ পোহৰলৈ আহিছে । বাদ-বিবাদক অভ্যথনা সমিতিয়ে কোনো গুৰুত্ব প্ৰদান নকৰি নিজৰ খেয়ালখুচি মতে অনুষ্ঠান আৰম্ভ কৰাৰ অভিযোগ উঠিছে ।।
অভ্যৰ্থনা সমিতিৰ একাংশ বিষ়ববীয়া আৰু সাংগো-পাংগো মিলি মাত্তবৰতা কৰাত সচেতন মহলৰ চকু কপালত উঠিছে। প্ৰাক্তন সতীৰ্থ সন্মিলনৰ ৱাটচ আপ গ্ৰুপত কেইবাজনে প্ৰশ্ন উত্থাপন কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই। অধিবক্তা অচ্যুত কৃষ্ণ হাজৰিকা নামৰ প্ৰাক্তন সচেতন ছাত্ৰজনৰ প্ৰশ্ন আছিল গৰিষ্ঠ সংখ্যক চৰকাৰী চাকৰিয়ালক উক্ত অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ পৰিৱৰ্তে কৃষি, খেল, সমাজকৰ্মীকে আদি কৰি আন বিভিন্ন দিশত সফলতা অৰ্জন কৰা লোকক কি কাৰণত সেই স্থান দিয়া নহ’ল। প্ৰাক্তন ছাত্রজনে এই প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে ভূঞা উপাধিৰ এজন অধিবক্তা আৰু মানস জ্যোতি বৰা নামৰ নৱ প্ৰজন্মৰ এজন প্ৰাক্তন ছাত্ৰই অচ্যুত কৃষ্ণ হাজৰিকাক সমৰ্থন কৰি অনুৰূপ প্ৰশ্ন উত্থাপন কৰাৰ পিছ মূহুৰ্ততে অভ্যৰ্থনা সমিতিৰ এজন বিষয়ববীয়াই ৱাটছআপ গ্ৰুপৰ ছেটিংছ সলনি কৰি দিয়ে। লক্ষণীয় বিষয় যে উক্ত বিদ্যালয়তে অধ্যয়ন কৰা এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে ৰাজ্যৰ এগৰাকী বিশেষ সফল খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে উক্ত বিদ্যালয়ৰ আনএগৰাকী প্ৰাক্তন ছাত্ৰই সমাজ সেৱা, শান্তি আৰু মানৱতাৰ দিশত দুটা দশক ধৰি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰি ৰাজ্যখনৰ লগতে দেশলৈ গৌৰৱ কহিয়াই আনিছে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় টিম আন্নাৰ ৰাষ্ট্ৰীয় সমিতিৰ ৰাষ্ট্ৰীয় সদস্য হিচাপে গৌৰৱ অৰ্জন কৰা প্ৰাক্তন ছাত্রগৰাকীয়ে অসম তথা দেশত অন্ধবিশ্বাস তথা ডাইনীৰ নামত হোৱা হত্যাকাণ্ড ৰোধ কৰাৰ বাবে দেশৰ ভিতৰতে কঠোৰ আইন The assam witch hunting (ppp)ACT 2015ৰ প্ৰণয়ণৰ ক্ষেত্রত অন্যতম ভূমিকা গ্ৰহণ কৰিছিল। তদুপৰি তেওঁ শতাধিক যুৱকক ড্ৰাগছ আদিৰ পৰা মুক্ত কৰি দেশ আৰু সমাজৰ হকে কাম কৰি অহাৰ লগতে অসম আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অতিথি অধ্যাপক ( দি এছ পি কেট’গীৰিৰ বাবে) হিচাপে সেৱা আগবঢ়াইছে। আনহাতে সমাজ সচেতক হিচাপে তেওঁ ৰচনা কৰা গীতত তৰালী শৰ্মা, জুবিন গাৰ্গ, মহেন্দ্ৰ হাজৰিকা, দীক্ষু আদিৰ দৰে শিল্পীয়ে কেইবাটি গীতত কণ্ঠদান কৰিছে। যি গৰাকী ব্যক্তিৰ প্ৰচেষ্টাত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি বন্ধ হোৱাৰ লগতে বৰ্ত্তমান সময়ত অসমৰ বিভিন্ন চৰকাৰী হস্পিটেলত সৰ্প দংশনৰ সু-চিকিৎসা খৰতকীয়া কৰা হৈছে। আন্তৰাষ্ট্ৰীয় শান্তি বঁটাকে প্ৰমুখ কৰি প্ৰায় দুই শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰা এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সামাজকৰ্মীক পৰিকল্পিতভাৱে উক্ত অভ্যৰ্থনা সমিতিৰ একাংশই সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত উপযুক্ত স্থান প্ৰদান নকৰাকলৈ সচেতন মহলে ধিক্কাৰ জনাইছে। সচেতন মহলৰ একাংশই এনে ব্যক্তিক বিশেষ স্থান প্ৰদানেৰে আমন্ত্ৰণ নকৰি সেই সকলে ঈৰ্ষা জনিত কাৰণত অসমীয়াৰ কেঁকোৰা চৰিত্ৰ উদঙাই দিছে বুলি সদৰি কৰিছে। ইফালে বৰ্ত্তমান সময়ত একাংশই অসমৰ অলিয়ে-গলিয়ে প্ৰাক্তন সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰি ধন সংগ্ৰহ আৰু ভোজ-ভাতকে প্ৰধান কাৰ্য হিচাপে লোৱা বুলিও সচেতন মহলত ইতিমধ্যে চৰ্চা চলিছে ।