Your Voice, Our Strength

নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগতো PM DHAN-DHANYA KRISHI YOJNA আৰু Mission for Aatmanirbharat in Pluses কাৰ্যসূচী বেৱকাষ্ট যোগে প্ৰদৰ্শন

উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী

আজিৰ খবৰ, নলবাৰী, ১১ অক্টোবৰ, ২০২৫ : আজি সমগ্ৰ দেশৰ লগতে নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগতো PM DHAN-DHANYA KRISHI YOJNA আৰু Mission for Aatmanirbharat in Pluses কাৰ্যসূচী বেৱকাষ্ট যোগে প্ৰদৰ্শন কৰা হয়। দিল্লীত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠান বেৱকাষ্ট যোগে আজি নলবাৰী জিলাৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধিৰ লক্ষ্যৰে PM DHAN-DHANYA KRISHI YOJNA আৰু Mission for Aatmanirbharat in Pluses কাৰ্যসূচী সমগ্ৰ দেশজুৰি শুভাৰম্ভ কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত জিলা আয়ুক্ত জোণ্টি ডেকা, জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধি, মহকুমা কৃষি বিষয়াদ্বয় ক্ৰমে ঘনশ্যাম দাস, আবুল হুছেইন, জেষ্ঠ কৃষি উন্নয়ন বিষয়া, কৃষি উন্নয়ন বিষয়া, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে প্ৰায় দুইশতাধিক কৃষক ৰাইজ।

P&C

You might also like