Your Voice, Our Strength

নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত উপস্থিত কৃষি সঞ্চালক ড০ পি উদয় প্ৰবীণ

আজিৰ খবৰ, নলবাৰী, ১৭ অক্টোবৰ, ২০২৫: আজি দিনজোৰা কাৰ্য্যসূচীৰে ৰাতিপুৱাই নলবাৰী জিলাত উপস্থিত হয়  কৃষি সঞ্চালক ড০ পি উদয় প্ৰবীণ। কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে সঞ্চালক গৰাকীয়ে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতত  কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত  তাৰিখে মিলিত হয়। লগতে আঁচনিসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশনা প্ৰদান কৰে। কৃষি বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা ‘প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি’, ‘কৃষক পঞ্জীয়ন’, ‘ধান ক্ৰয় আঁচনি’ৰ বিষয়সমূহ বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়। তাৰ পাছত কৃষি সঞ্চালক ড০ পি উদয় প্ৰবীণে পাগলাদিয়া ৰিজৰ্টৰ সমীপত থকা পংকজ কলিতাৰ কৃষি ফাৰ্ম পৰিদৰ্শন কৰি কৃষকসকলক উৎসাহিত কৰে।

P&C

তাৰ পাছত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মাটিৰ স্বাস্থ্য পৰীক্ষাৰ পৰীক্ষাগাৰ লগতে জিলা কৃষি বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন কৰে। সঞ্চালক গৰাকীয়ে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ বিভিন্ন অভাব অভিযোগৰ বুজ লয় আৰু ইয়াৰ ক্ষিপ্ৰ সমাধানৰ আশ্বাস প্ৰদান কৰে।

কৃষি সঞ্চালক মহোদয়ৰ স’তে অনুষ্ঠিত বৈঠকত জিলা কৃষি বিষয়া প্ৰবীন চন্দ্ৰ মেধি , মহকুমা কৃষি বিষয়া, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া, কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ বিষয়াসকলৰ প্ৰমুখ্যে জিলা কৃষি বিভাগৰ আন আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

You might also like