
সমগ্ৰ অসমৰ লগতে নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগতো কাতি বিহু উৎযাপন
নলবাৰী জিলা কৃষি বিভাগৰ সৌজন্যত মৰোৱা, টিহু, মুকালমুৱাতো কাতি বিহু উদযাপন
আজিৰ খবৰ, নলবাৰী, ১৮ অক্টোবৰ, ২০২৫: আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু উপলক্ষে নলবাৰী জিলা কৃষি বিভাগৰ সৌজন্যত মৰোৱা, টিহু, মুকালমুৱাতো কাতি বিহু উদযাপন কৰা হয়। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষি বিভাগৰ দ্বাৰা কৃষক সকলৰ কল্যাণ অৰ্থে লোৱা গুৰুত্বপূৰ্ণ আঁচনি সমূহ অৱগত কৰিবলৈ এখন সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) জোণ্টি ডেকা, জিলা কৃষি বিষয়া প্ৰবীন চন্দ্ৰ মেধি, মহকুমা কৃষি বিষয়া ইমদাদ হুছেইন ঠাকুৰীয়া, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে শতাধিক কৃষক ৰাইজ ।



