Your Voice, Our Strength

নাখাও ভাত ! নোধোও গা ।কি কৰ’ কৰ “যোৰহাটত কোভিডৰ ভয়াবহ পৰিস্থিতি

  • আজিৰ খবৰ ১০ জুলাই : ” নাখাও ভাত কৈছিলোঁ, খুৱালী। নোধোও গা কৈছিলোঁ, ধুৱালী। নিগিলোঁ, কি কৰ’ কৰ ” যোৰহাটত এতিয়া এচাম মানুহৰ চৰিত্ৰ এনেকুৱা। যাৰ বাবে দিনক দিনে ভয়াবহৰ দিশে গতি কৰিছে যোৰহাট । আনহাতে নাখাই মৰাতকৈ ক’ৰণাত মৰাই ভাল বুলি যোৰহাটত মানুহ বজাৰ কৰিবলৈ হিল দল ভাঙি ওলাই আহিছে। উল্লেখ্য যে কোভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি যোৰহাটকে ধৰি সাত খন জিলাত চৰকাৰে কনটেন্টমেণ্ট জ’ন সাত দিনৰ কাৰণে ঘোষণা কৰিছিল । কিন্তু যোৰহাটত যেন এই ঘোষণা ধোঁৱাচাঙত উঠিল । যোৰহাটত কোভিড প্ৰটোকল ভাঙি গেলা মাল’ৰ পাইকাৰী বিক্রেতা বোৰত যি হাৰত ভীৰ দেখা গৈছে তাৰ পিছতো যে কভিড সংক্ৰমণ কমিব তাক লৈ চিন্তিত হৈ পৰিছে সচেতন নাগৰিক । একাংশৰ মতে যোৰহাটত যেনেদৰে লক ডাউন উদযাপিত হৈ আছে তেনেদৰে হৈ থাকিলে, ৭ দিন নালাগে ৭ মাহ লক ডাউন দিলেও কভিড সংক্ৰমণ ৰোধিব নোৱাৰে। দিন হাজিৰা কৰা শ্ৰমিক , ৰিক্সাৱালা, ঠেলাৱালা, কৰা কেইজনৰ বাবেহে এই লকডাউন নেকি বুলি  প্ৰশ্ন কৰে সচেতন নাগৰিকে ।  গাড়ী মটৰ চাইকেল থকাবোৰৰ বাবে লক ডাউন নহয়নেকি ? যোৰহাটৰ সাধাৰন জনতাই অতি কষ্টৰে এই লকডাউন মানিব লগা হৈছে কিন্তু অধিকাংশ পাইকাৰী ব্যৱসায় থকা একাংশ অনাঅসমীয়া মুলৰ বনিয়া প্ৰতিস্থান সমুহৰ লগতে শ্ৰমিক ৰুপে নিয়োজিত একাংশ লোকৰ যোৰহাটবাসীৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি বুলিও একাংশ সচেতন নাগৰিক প্ৰশ্ন কৰিছে । কাৰন তেওঁলোকে সামাজিক দুৰত্ব আৰু মুখত মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ আদি কভিড প্ৰটকল মানি নচলে। যাৰ ফলত একাংশ লোকৰ বাবে সাধাৰণ জনতাই ভোগ কৰিব লগীয়া হৈছে হাৰাশাস্তি । যোৰহাটৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰন নহলে এচামৰ বাবেই প্ৰশাসন যে জনতাৰ ক্ষোভৰ বলি ন’হব যে সেয়াও নুই কৰিব নোৱাৰি । যিদৰে প্ৰশাসনে নগৰলৈ প্ৰয়োজনীয় কামত যোৱা নাগৰিক প্ৰশ্ন কৰে ঠিক সেইদৰে কভিড নিয়ম নমনা ব্যৱসায়ী প্ৰতিস্থান সমুহকো কঠোৰ ভাৱে নিয়ন্ত্ৰন নকৰিলে যোৰহাট বাসী অধিক ভয়াবহৰ সন্মুখীন হ’ব যে সেয়া নিশ্চিত হৈ পৰিছে । বেপেৰোৱা মনোবৃত্তিৰ সকলকে কঠোৰ ভাৱে নাকী লগাবলৈ আহ্বান জনাইছে যোৰহাটৰ সচেতন নাগৰিকে ।

P&C
You might also like