Your Voice, Our Strength

JMCHত ভয়ংকৰ কাণ্ড: জাল কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ চহী

একাংশই চলাইছে ভুৱা RTPCR ৰিপ'ৰ্টৰ বেহা

আজিৰ খবৰ,১৬ জুলাই : যোৰহাটত RTPCR ৰিপ’ৰ্টৰ ভয়ংকৰ বেহা ।

ধনৰ বিনিময়ত ভূৱা ক’ৰেণাৰ নিগেটিভ ৰিপ’ৰ্ট দিয়াৰ এক ভয়ঙ্কৰ অভিযোগ । কিছুদিন পূৰ্বে যোৰহাটত একাংশ পেথলজিকেল লেবৰেটৰীৰ ভুৱা ৰিপ’ৰ্টৰ ভয়ংকৰ তথ্য JMCHৰ এক অনুসন্ধাত

P&C

ফাদিল হৈছিল । কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। JMCHৰ অধীক্ষকৰ চহী জাল কৰি যোৰহাটত একাংশই চলাইছে ভুৱা RTPCR ৰিপ’ৰ্টৰ বেহা । JMCH কৰ্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য । শেহতীয়াকৈ কেইবাটাও ভুৱা RTPCR টেষ্ট ৰিপ’ৰ্ট পোৱা গৈছে । উল্লেখ্য, JMCHৰ পৰা প্ৰদান কৰা RTPCR ৰিপৰ্টত থাকে QR ক’ড ।  ধনৰ বিনিময়ত যোৰহাটত একাংশ অসাধু লোকে এনে ভুৱা ৰিপ’ৰ্টৰ ব্যৱসায় চলাই থকাৰ সন্দেহ কৰা হৈছে । কাৰণ যোৰহাটৰ বহু ঠাইত RTPCR পৰীক্ষা কৰালে লেবৰেটৰীসমূহত তিনি হাজাৰ টকা পৰ্যন্ত মাচুল লোৱাৰ অভিযোগ উঠি আহিছে । অন্যহাতে JMCHৰ VRDL পৰীক্ষাগাৰত কৰা ৰোগীৰ RTPCR পৰীক্ষাৰ বাবে কোনো মাচুল লোৱা নহয় । অৱশ্যে কম সময়তে প্ৰয়োজন হোৱা RTPCR টেষ্ট ৰিপৰ্টৰ বাবেহে JMCHত পাচশ  টকা মাচুল লোৱা হয় বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে । JMCHৰ এক অনুসন্ধাত বৰ্তমানলৈকে এনে দুটা ভুৱা ৰিপৰ্ট ফাদিল কৰিছে আহি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই । এই সন্দৰ্ভত অধীক্ষকক গৰাকীয়ে জিলা প্ৰশাসনৰ উৰ্দ্ধতম বিষয়াৰ অৱগত কৰাৰ লগতে দাখিল কৰিছে এজাহাৰ । ৰাইজক সজাগ হবৰ বাবে আহ্বান জনাইছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে ।

You might also like