Your Voice, Our Strength

ভয়াবহ: প্ৰথমবাৰলৈ মহিলা চিকিস্যকৰ দেহত ধৰা পৰিছে দুটা ভেৰিয়েণ্ট

আজিৰ খবৰ,২০ জুলাই : ৰাজ্যত এতিয়াও অব্যাহত আছে ক’ভিডৰ ভয়ংকৰ ৰূপ । এনে উদ্বেগ জনক পৰিস্থিতিৰ মাজতে আহিছে আন এক ভয়ংকৰ খবৰ । ডিব্রুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত একেলগে ধৰা পৰিছে ক’ভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েণ্ট৷ উল্লেখ্য যে বিশেষজ্ঞসকলে এনেদৰে এজন ৰোগীৰ শৰীৰত দুটা ভেৰিয়েণ্ট একেলগে লাভ কৰাৰ প্রথমটো ঘটনা বুলি সদৰী কৰিছে৷ ডিব্রুগড়স্থিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রৰ বিষয়ববীয়াসকলে মহিলাগৰাকীৰ শৰীৰত একে সময়তে দুটা ভেৰিয়েণ্টৰ উপস্থিতি নিশ্চিত কৰিছে৷ অৱশ্যে সম্পূর্ণ প্রতিষেধক গ্রহণ কৰা মহিলাগৰাকীৰ শৰীৰত মৃদু লক্ষণে দেখা দিছে৷ অৱশ্যে হাস্পতালত চিকিৎসাধীন হোৱাৰ প্রয়োজনীয়তা নাই বুলিও উল্লেখ কৰিছে বিশেষজ্ঞই । ইফালে চিকিৎসকগৰাকীৰ স্বামীও ইতিমধ্যে ক’ভিডৰ আলফা ভেৰিয়েণ্টৰ দ্বাৰা সংক্রমিত হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে এই ধৰণৰ ঘটনা ব্রিটেইনত যোৱা মার্চ মাহত আৰু ব্রাজিলতো অনুৰূপ ধৰণৰ ঘটনা ধৰা পৰিছিল৷

P&C
You might also like