Your Voice, Our Strength

‘গ’ ফৰ গ্ল’ৰী লাভলীনা’: সফলতাৰ কামনাৰে মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী

আজিৰ খবৰ,গুৱাহাটী, ২১ জুলাই : টকিঅ’ অলিম্পিকত অসমৰ লাৱলীনা । দেশবাসীৰ লগতে অসমৰ প্ৰতিজন লোকৰে আশা জাপানত জিলিকি উঠিব আমাৰ মৰমৰ লাৱলীনা বৰগোহাঁই । সকলোৰে মনত উৎসাহ আৰু লাৱলীনালৈ শুভেচ্ছা বাৰ্তা । দেশক প্রতিনিধিত্ব কৰাৰ যোগ্যতা অর্জন কৰা অসম ললনা লাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ লক্ষ্যৰে আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত দিছপুৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় ‘গ’ ফৰ গ্ল’ৰী লাভলীনা’ শীর্ষক এক চাইকেল সমদল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুৱা ৭ বজাত এই চাইকেল ৰেলী উদ্বোধন কৰি কয় অসমবাসীয়ে লাভলীনাৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে, তাৰবাবে আজি এটা পৰিৱেশ সৃষ্টি হ’ল ভাল লাগিল। অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ কাৰণে আমি কেইবাটাও ব্যৱস্থা হাতত লৈছো। এতিয়া ৰাজ্যৰ ১২৬ টা সমষ্টিত ১২৬ খন ভাল ষ্টেডিয়াম নিৰ্মাণ হ’ব। প্ৰত্যেক জিলাত একোখন ডাঙৰ ষ্টেডিয়াম নিৰ্মাণ হ’ব। সেইদৰে ক্ৰীড়া পেচনো আমি ১০ হাজাৰ টকা লৈকে বৃদ্ধি কৰিছো। লগতে এতিয়াৰে পৰা কমনৱেল্থ, এছিয়ান গেমছ, নেচনেল গেমছকে ধৰি অলিম্পিক স্বীকৃতিপ্রাপ্ত খেলত অসমৰ পৰা অংশগ্রহণ কৰি ৰাষ্ট্রীয় পদক লাভ কৰাসকলক ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি দিব। গতিকে অনাগত দিনত আমাৰ ৰাজ্যৰ পৰা বহু লাভলীনা, হীমা, শিৱ থাপাৰ জন্ম হ’ব।” অনুষ্ঠানটোতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয়।

P&C
You might also like