Your Voice, Our Strength

কেবিনেট বৈঠকত কি কি গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত ।লোৱা হ’ল..?

আজিৰ খবৰ, গুৱাহাটী, ২২জুলাই : তৃণমূল পৰ্যায়ত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানক জড়িত কৰাই গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰাথমিক শিক্ষাব্যৱস্থা শক্তিশালী কৰাৰ বাবে শিক্ষা সম্পৰ্কীয় ‘জিলা তদাৰকী আৰু নিৰীক্ষণ সমিতি’ গঠন কৰাৰ লগতে খণ্ড পৰ্যায়তো এখন তদাৰকী আৰু নিৰীক্ষণ সমিতি গঠনৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ প্ৰতিখন জিলাৰ জিলা পৰিষদৰ সভাপতি গৰাকীয়ে জিলা পৰ্যায়ৰ তদাৰকী আৰু নিৰীক্ষণ সমিতিখনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ আনহাতে খণ্ড পৰ্যায়ত গঠন হ’বলগীয়া এই সমিতিখনৰ সভাপতি হ’ব আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী৷ এই সমিতি দুখনে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি, আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰী, খোৱাপানী, বিজুলী যোগানকে ধৰি অন্যান্য সমস্যাসমূহ পৰ্যালোচনা কৰি এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব৷

ইয়াৰ উপৰিও আজিৰ বৈঠকত কৃষকৰ বাবে আছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । একচনীয়া পট্টা, তৌজি পট্টা, দেৱোত্তৰ ভূমিত কৃষি কাৰ্য কৰা কৃষক, বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা পোৱাৰ বাবে যোগ্য কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক, উদ্যান শস্যৰ কৃষকসকলেও পি এম কিষাণ আঁচনিৰ অধীনত সা-সুবিধা লাভ কৰিব৷ আনহাতে

P&C

আজিৰ কেবিনেটে নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলক সম্পূৰ্ণ কতৃৰ্ত্ব প্ৰদান কৰে৷ এতিয়াৰে পৰা উপায়ুক্তসকলে এইক্ষেত্ৰত নিবিদা আহ্বান কৰি পলসুৱা মাটি উঠোৱাৰ আবণ্টন প্ৰদান কৰিব পাৰিব৷ কিন্তু সাধাৰণ বালি আৰু শিলৰ ক্ষেত্ৰত পূৰ্বৰ ব্যৱস্থাই বাহাল থাকিব৷

আজিৰ কেবিনেটে ‘খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি’ নামৰ এটি নতুন বিভাগ গঠনত আনুষ্ঠানিকভাৱে অনুমোদন জনায়৷ প্ৰত্নতত্ত্ব সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চালকালয়, পুৰাতত্ত্ব আৰু বুৰঞ্জী অধ্যয়ন সঞ্চালকালয় এই বিভাগৰ অধীনত থাকিব৷ জিলা উপায়ুক্তসকলক ১০ কোটি টকাৰ প্ৰকল্পৰ অনুমোদনৰ বাবে আজিৰ কেবিনেটে কতৃৰ্ত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

You might also like