Your Voice, Our Strength

পেগাছাছৰ কাণ্ডক লৈ কি ক’লে সমুজ্জ্বল ভট্টাচার্যই ?

টেলিফোন টেপিংৰ তালিকাত অসমৰ দুজন চৰ্চিত ব্যক্তি ...

আজিৰ খবৰ, গুৱাহাটী, ২২জুলাই : ইজৰাইলী চোৰাংচোৱাৰ তথ্য প্রযুক্তি পেগাছাছ ব্যৱহাৰ কৰি তিনি শতাধিক ভাৰতীয়ৰ টেলিফোন টেপিং আৰু ই–মেইল হেকিঙক লৈ ৰাষ্ট্রীয় ৰাজনীতি তোলপাৰ হৈ থকাৰ সময়তে আহিছে আন এক খবৰ । এই তালিকাত আছে অসমৰ দুজন চর্চিত ব্যক্তিৰ নাম ।যাক লৈ সৃষ্টি হৈছে অসমতো তীব্র প্রতিক্রিয়াৰ৷ উল্লেখ্য যে পেগাছাছৰ ফোন টেপিং তালিকাত নাম অন্তর্ভুক্ত হৈছে সদৌ অসম ছাত্র সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ৷ ইতিমধ্যে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু)ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ । ভট্টাচাৰ্যই কয় এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি। ।যদি ভাৰত চৰকাৰৰ অনুমতি লৈ বহিঃৰাষ্ট্ৰ ইজৰাইলে এই কাম কৰিছে তেনেহলে গণতন্ত্ৰৰ প্ৰতি ভাবুকি ।ই ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে । যদি ভাৰত চৰকাৰৰ অনুমতি নোলোৱাকৈ ইজৰাইলে এই চোৰাংচোৱাগিৰী কৰিছে তেনেহলে দেশৰ প্ৰতি এক বৃহৎ ভাবুকি । ভট্টাচাৰ্যই কয় এই চোৰাংচোৱাগিৰীৰে আমাৰ জাতিৰ প্ৰতি থকা দায়িত্বৰ পৰা বিচলিত কৰিব নোৱাৰে ।যিমানেই চোৰাংচোৱাগিৰি কৰিলেও আমাৰ কণ্ঠ ৰূদ্ধ কৰিব নোৱাৰে । মোডী অমিত শ্বাহে মৌনতা ভংগ কৰক ।

ৰাইজৰ আগত মোডী আমিত শ্বাহে মৌনতা ভংগ কৰি ৰাইজক পতিয়ন নিয়াব পৰাকৈ স্পতিকৰণ দিবলৈ আহ্বান ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

P&C
You might also like