Your Voice, Our Strength

কালিলৈ ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল কোনকেইটা ৱেবচাইটত উপলব্ধ হ’ব ফলাফল ..?

আজিৰ খবৰ ২৯ জুলাই : কালিলৈ অৰ্থাৎ ৩০ জুলাইত ঘোষণা কৰা হ’ব  হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল  ৩০ জুলাইত পুৱা ঘোষণা কৰা হ’ব বুলি মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ  কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ছেবাই প্ৰকাশ কৰা  জাননীখনত  ফলাফলসমূহ ছেবাৰ ৱেবছাইটত উপলব্ধ কৰা হ’ব আৰু অনলাইন যোগে মাৰ্কশ্বীটসমূহ সংগ্ৰহ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই সদৰি কৰিছে । অন্যহাতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ তৰফৰ পৰা দ্বাদশ শ্রেণীৰ ফলাফলসমূহ  ৩১ জুলাইত পুৱা ফলাফল সমূহ প্ৰকাশ কৰা হ’ব বুলি কৰ্তৃপক্ষই উল্লেখ কৰে।
উচ্চতৰ মাধ্যমিকৰ ফলাফল সমূহ নিম্নলিখিত ৱেবচাইটসমূহত উপলব্ধ হ’ব।

১. ডব্লিউ ডব্লিউ ডব্লিউ ডট অসম ৰিজাল্ট ডট ইন (www.assamresult.in) 

P&C

২. ডব্লিউ ডব্লিউ ডব্লিউ ডট এন ই কেৰিয়াৰ ডট কম (www.NeCarrer.com) 

৩. ডব্লিউ ডব্লিউ ডব্লিউ ডট এ এইছ এছ ই চি ডট অসম ডট গভট ডট ইন (www.ahsec.gov.in) 

৪. ডব্লিউ ডব্লিউ ডব্লিউ ডট অসম জব এসাৰ্টস ডট কম (www.assamjobalerts.com)

You might also like